অসম

assam

ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত জৰুৰী বৈঠকৰ আহ্বান আই চি চিৰ - CHAMPIONS TROPHY 2025

আই চি চিয়ে চেম্পিয়নছ ট্ৰফীৰ সময়সূচী সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে বি চি চি আই আৰু পি চি বিৰ সৈতে এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।

Champions Trophy 2025
বি চি চি আইৰ সচিব জয় শ্বাহ আৰু পি চি বিৰ অধ্যক্ষ মহছিন নকভি (ANI and AFP Photo)

By ETV Bharat Sports Team

Published : Nov 23, 2024, 4:12 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু পাকিস্তানৰ মাজত থকা মতবিৰোধৰ বাবে অনিশ্চয়তাত আছে চেম্পিয়নছ ট্ৰফী 2025 ৰ কাৰ্যসূচী ৷ পূৰ্বে বিষয়টোত আই চি চিৰ হস্তক্ষেপ দাবী কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷

অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা বিষয়সমূহক সামৰি এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে আই চি চিয়ে ৷ 26 নৱেম্বৰত অনুষ্ঠিত হ’বলগা এই বৈঠকত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ৷

জৰুৰীকালীন বৈঠকৰ আহ্বান আই চি চিৰ

ই এছ পি এন ক্ৰিকইনফ’ৰ এক প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফী 2025 হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব নে নহয়, সেই সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ’ব ৷

প্ৰতিযোগিতাখন আৰম্ভ হ’বলৈ 100 দিনতকৈও কম সময় বাকী আছে । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ প্ৰতিযোগিতাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে ৷ অৱশ্যে, আই চি চিয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত কোনো সূচী প্ৰকাশ কৰা নাই ।

পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

বি চি চি আইয়ে আই চি চি-ক সদৰী কৰা অনুসৰি, ভাৰত চৰকাৰে টীম ইণ্ডিয়াক পাকিস্তান ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই ৷ 2021 চনৰ নৱেম্বৰত পাকিস্তানক চেম্পিয়নছ ট্ৰফী আয়োজনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ ইতিমধ্যে দেশখনৰ তিনি স্থান ক্ৰমে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত সম্পূৰ্ণ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে চলি আছে প্ৰস্তুতি ৷

বি চি চি আইৰ সৈতে আলোচনাৰ বাবে সাজু পি চি বি

চলিত সপ্তাহত পাকিস্তানৰ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পি চি বি-ৰ অধ্যক্ষ মহছিন নকভিয়ে কৈছিল যে, তেওঁ নিশ্চিত যে চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ'ব । পাকিস্তান চৰকাৰৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুৰব্বী নকভিয়ে কয় যে তেওঁ বি চি চি আইৰ সৈতে আলোচনাত বহিবলৈ সাজু । পি চি বিয়ে সম্প্ৰতি আই চি চিৰ সঁহাৰিৰ বাবে অপেক্ষাৰত ৷ তদুপৰি ভাৰতক কিহৰ বাবে পাকিস্তানলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে, তাক জানিবলৈ আগ্ৰহী ৷

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব নেকি চেম্পিয়নছ ট্ৰফী ?

দ্বিতীয়বাৰৰ বাবে পাকিস্তানে ভাৰতৰ কাৰণে হাইব্ৰিড মডেলত কোনো প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে । যোৱা বছৰ ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাত প্ৰতিযোগিতাখন পাকিস্তান আৰু শ্ৰীলংকাত হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল । চেম্পিয়নছ ট্ৰফী 2025 হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হ'ব নে নহয়, সেয়া এতিয়াই সঠিককৈ ক’ব নোৱাৰি ৷

লগতে পঢ়ক:ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড; বৃহৎ প্ৰতিযোগিতা বাতিল

ABOUT THE AUTHOR

...view details