অসম

assam

আই চি চি ৰেংকিঙত খেলুৱৈৰ ৰেটিং ব্যৱস্থা আৰু নিয়ম কি ? - ICC cricket players ranking

By ETV Bharat Sports Team

Published : Sep 17, 2024, 6:06 PM IST

ICC Ranking Procedure : আই চি চি ৰেংকিং কেনেদৰে কৰা হয় ? কেনেদৰে ক্ৰিকেট খেলুৱৈসকলৰ মূল্যাংকন কৰা হয় ? কেনেদৰে তেওঁলোকক পইণ্ট দিয়া হয় জানেনে ? এই সকলো বিষয় সামৰি এক বিশেষ প্ৰতিবেদন ।

ICC Ranking Procedure
আই চি চি ৰেংকিঙত খেলুৱৈৰ ৰেটিং ব্যৱস্থা আৰু নিয়ম কি ? (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ১৭ ছেপ্টেম্বৰ :প্ৰতিমাহে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে ক্ৰিকেট খেলুৱৈসকলৰ ৰেংকিং প্ৰকাশ কৰে । আই চি চি ৰেংকিঙত কোনো খেলুৱৈয়ে যদি ১ শীৰ্ষস্থান লাভ কৰে, কোনোৱে আকৌ তালিকাত ১০ নম্বৰলৈ অৱনমন ঘটে । খেলুৱৈসকলে লাভ কৰা পইণ্ট অনুসৰি তালিকাত ১ নম্বৰৰ পৰা ক্ৰমান্বয়ে ৰেংক নিৰ্ধাৰণ কৰা হয় । কিন্তু আপুনি জানেনে আই চি চিয়ে কিহৰ ভিত্তিত এই ৰেংকিং প্ৰস্তুত কৰি প্ৰকাশ কৰে ? ইয়াত এই সকলো বিষয় উল্লেখ কৰা হৈছে ।

আই চি চি ৰেংকিং হৈছে এক পইণ্ট তালিকা, য'ত বিশ্বৰ শীৰ্ষ ক্ৰিকেটাৰসকলক পইণ্টৰ ভিত্তিত ০ নম্বৰৰ পৰা আৰম্ভ কৰি ১০০০ নম্বৰলৈ স্থান দিয়া হৈছে । এই ক্ষেত্ৰত সৰ্বাধিক পইণ্ট লাভ কৰা ক্ৰিকেটাৰজন প্ৰথম স্থানত থাকে । আনহাতে, নিম্নতম পইণ্ট লাভ কৰাজন তালিকাৰ নিম্নতম স্থানত থাকে । খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিত পইণ্ট নিৰ্ধাৰণ কৰা হয় ।

যদি এজন ক্ৰিকেটাৰে তেওঁৰ পূৰ্বৱৰ্তী মাহ বা বছৰতকৈ পৰৱৰ্তী মাহ বা বছৰবোৰত ভাল প্ৰদৰ্শন কৰে, তেনেহ'লে তেওঁৰ পইণ্ট বৃদ্ধি হয় আৰু ৰেংকিঙত আৰোহণ হয় । ইয়াৰ বিপৰীতে যদি খেলুৱৈজনৰ প্ৰদৰ্শন পূৰ্বৰ তুলনাত হ্ৰাস পায়, তেন্তে তেওঁ কম পইণ্টেৰে তালিকাত অৱনমন ঘটে ।

প্ৰতিখন মেচত খেলুৱৈ এগৰাকীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁৰ প্ৰদৰ্শন এক এলগৰিথিম ব্যৱহাৰ কৰি গণনা কৰা হয় আৰু তাৰ ভিত্তিত খেলুৱৈজনক পইণ্টৰ দ্বাৰা মূল্যাংকন কৰা হয় । পইণ্ট গণনা কৰাৰ মাপকাঠি পৃথক হয় । বিভিন্ন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খেলুৱৈজনক পইণ্ট দিয়া হয় ।

উদাহৰণ স্বৰূপে, দলটোৰ বাবে গুৰুত্বপূৰ্ণ সময়ত অৱদান আগবঢ়োৱাৰ বাবে অধিক পইণ্ট দিয়া হয় । অৰ্থাৎ পৰাজয়ৰ গৰাহত পৰা মেচ এখন যদি খেলুৱৈজনে ৰাণ সংগ্ৰহ কৰি বা উইকেট দখল কৰি বিজয়ীৰ দিশলৈ লৈ যায়, তেন্তে তেওঁ বোনাচ পইণ্ট লাভ কৰে ।

বেটছমেনসকলৰ ৰেংকিং ইয়াৰ ওপৰত ভিত্তিত কৰি কৰা হয়

  • বেটছমেনজনে কিমান ৰাণ সংগ্ৰহ কৰিছে তাৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰা হয়, যাৰ দ্বাৰা তেওঁক পইণ্ট লাভ কৰে
  • আউট নোহোৱাকৈ থকা খেলুৱৈক বোনাচ পইণ্ট প্ৰদান কৰা হয়
  • বিপক্ষ দলৰ বলিং যিমানে শক্তিশালী হ'ব, বেটছমেনজনে সিমানে অধিক পইণ্ট পাব
  • প্ৰথম ইনিংছতকৈ দ্বিতীয় ইনিংছত অধিক ৰাণ কৰাজনে অধিক পইণ্ট অৰ্জন কৰিব
  • দলটোৰ বাবে কঠিন সময়ত ৰাণ সংগ্ৰহ কৰা আৰু পৰাজয়ৰ মুখৰ পৰা নিজৰ দলটো জয়ী কৰাব পাৰিলে পইণ্ট পাব
  • উচ্চ আৰু নিম্ন-স্ক'ৰিং মেচত সংগ্ৰহ কৰা ৰাণৰ ভিত্তিত পইণ্ট প্ৰদান কৰা হয় (উচ্চ স্ক'ৰিঙত কম পইণ্ট/কম স্ক'ৰিং মেচত অধিক পইণ্ট)
  • ৰাণ সংগ্ৰহ কৰি নিজৰ দলটো জয়ী কৰাব পাৰিলে পইণ্ট প্ৰদান কৰিব, শক্তিশালী দল এটাৰ বিৰুদ্ধে জিকিলে বোনাচ পইণ্ট পাব

এই ভিত্তিত বলাৰসকলক ৰেংকিং প্ৰদান কৰা হয়

  • বলাৰসকলে লাভ কৰা উইকেট আৰু তাৰ বিনিময়ত খৰচ কৰা ৰাণৰ ওপৰত ভিত্তি কৰি পইণ্ট লাভ কৰে
  • ৰেংকিঙৰ শীৰ্ষ বেটছমেনসকলক আউট কৰাৰ বাবে বোনাচ পইণ্ট লাভ কৰে
  • উচ্চ স্ক'ৰিং মেচ এখনত উইকেট লোৱাৰ বাবে অধিক পইণ্ট আৰু কম স্ক'ৰিং মেচত উইকেট লোৱাৰ বাবে কম পইণ্ট প্ৰদান কৰা হয়
  • মেচৰ সময়ত অধিক বল কৰা বলাৰে পইণ্ট পায়, যিয়ে কঠিন সময়ত বলিং কৰে

শ্ৰেষ্ঠ খেলুৱৈৰ বাবে কিমান পইণ্ট লাগে

আই চি চি ৰেংকিঙৰ শীৰ্ষ 10-ত থাকিবলৈ এজন খেলুৱৈয়ে কমেও 750 ৰেটিং পইণ্ট অৰ্জন কৰিব লাগিব । লগতে 500 ৰেটিং পইণ্ট থকা খেলুৱৈসকলক ভাল খেলুৱৈ হিচাপে গণ্য কৰা হয় । 900 বা অধিক ৰেটিং পইণ্ট অৰ্জন কৰা এজন খেলুৱৈক শীৰ্ষ স্থানপ্ৰাপ্ত খেলুৱৈ হিচাপে স্বীকৃতি দিয়া হয় ।

উল্লেখ্য, আই চি চি ৰেংকিং 1987 চনত আৰম্ভ হৈছিল । সেই সময়ত ৰেংকিঙৰ বাবে খেলুৱৈসকলৰ বেটিং গড় বিবেচনা কৰা হৈছিল । অৱশ্যে সেই সময়ত ৰেংকিঙত যথেষ্ট ত্ৰুটি আছিল । ফলত সময়ে সময়ে ইয়াৰ উন্নতিসাধন কৰা হয় । বৰ্তমান আই চি চি ৰেংকিঙৰ মাপকাঠিবোৰ অতি উন্নত আৰু আধুনিকতাৰে পৰিপূৰ্ণ ।

উল্লেখ্য যে বেটছমেন আৰু বলাৰৰ ৰেংকিঙৰ এই ভিত্তিবোৰ একত্ৰিত কৰি অলৰাউণ্ডৰ ৰেংকিং নিৰ্ধাৰণ কৰা হয় । আনহাতে, উইকেটৰক্ষক আৰু ফিল্ডাৰসকলৰ বাবে কোনো ৰেংকিং নাই । ইয়াৰ লগতে যদি খেলুৱৈজন দলৰ বাহিৰত থাকে, প্ৰদৰ্শন কৰিব নোৱৰা বা অৱসৰ লোৱাৰ ফলত তেওঁ আই চি চি ৰেংকিং তালিকাৰ পৰা বাহিৰ হ'ব । আই চি চি টেষ্ট ৰেংকিং 12 ঘণ্টাৰ পিছত আপডেট কৰা হয় । আনহাতে, শৃংখলা এটা সমাপ্ত হোৱাৰ পিচত এদিনীয়া ৰেংকিং আৰু সপ্তাহৰ মঙলবাৰে আৰু বুধবাৰে টি-20 ৰেংকিং আপডেট কৰা হয় ।

লগতে পঢ়ক :ৰোহিত শৰ্মাৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী ছুপাৰষ্টাৰ: কোনে পালে সৰ্বাধিক সমৰ্থন - NEXT SUPERSTAR IN TEAM INDIA
লগতে পঢ়ক :বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচনা কৰিব ৰোহিত শৰ্মাই: ভংগ কৰাৰ সম্ভাৱনা এগৰাকী শীৰ্ষ ক্ৰিকেটাৰৰ অভিলেখ - IND VS BAN TEST SERIES

ABOUT THE AUTHOR

...view details