উল্লেখ্য যে গম্ভীৰে যি দাবী জনাইছে তাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ বি চি চি আইৰ হাতত আছে । আনহাতে, কে কে আৰৰ সৈতে কাম কৰাৰ উপৰি টেন ডচেটে বিভিন্ন ফ্ৰেন্সাইজীৰ বাবেও কাম কৰি আছে । ইয়াৰ ভিতৰত আছে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ, মেজৰ লীগ ক্ৰিকেট আৰু আই এল টি-২০ । ইয়াৰ পূৰ্বে ক্ৰিকবাজৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে কলকাতা নাইট ৰাইডাৰ্ছৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰে ভাৰতীয় দলত যোগদান কৰিব পাৰে আৰু তেওঁক সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব দিয়া হ'ব পাৰে ।
কিন্তু ভাৰতীয় দলত যোগদান কৰিলে টেন ডচেটে কি ভূমিকা পালন কৰিব সেয়া বিবেচনা কৰাটোও গুৰুত্বপূৰ্ণ হ'ব । কাৰণ বি চি চি আয়ে বৰ্তমানৰ প্ৰশিক্ষক টি দিলীপৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কথা বিবেচনা কৰি আছে । আনহাতে, নেদাৰলেণ্ডৰ ৰয়ান ডচেট বৰ্তমান কে কে আৰৰ ফিল্ডিং প্ৰশিক্ষকৰ ভূমিকাত আছে ।
উল্লেখ্য যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ, বেটিং প্ৰশিক্ষক পাৰশ মাম্ব্ৰে আৰু ভাৰতীয় দলৰ অন্যান্য সদস্যসকলৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ পিচতে সমাপ্ত হয় । এতিয়ালৈকে গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে যদিও অন্য সহায়ক কৰ্মচাৰী নিযুক্তিৰ বিষয়টো বিবেচনাধীন হৈ আছে ।