অসম

assam

ETV Bharat / sports

মহম্মদ আজহাৰউদ্দিনৰ পৰা শ্বেন ৱাৰ্ণলৈকে; কোন কোন ক্ৰিকেটাৰ জড়িত আছিল মেচ ফিক্সিঙত

Match fixing in cricket: ক্ৰিকেটৰ গৰিমাত কালিমা সানে মেচ ফিক্সিঙৰ দৰে অপৰাধে ৷ বহু সময়ত বহু ক্ৰিকেটাৰ জড়িত হৈছে এই অপৰাধৰ সৈতে ৷

By ETV Bharat Sports Team

Published : Oct 11, 2024, 7:51 PM IST

MATCH FIXING IN CRICKET HISTORY
মেচ ফিক্সিঙত জড়িত ক্ৰিকেটাৰ (Getty Images)

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ:ক্ৰিকেটক ভদ্ৰলোকৰ খেল বুলি গণ্য কৰা হয় ৷ কিন্তু এই খেলবিধত কালিমা সানে মেচ ফিক্সিঙৰ দৰে গুৰুতৰ অপৰাধে ৷ মেচ ফিক্সিং হ’লে কোনো এখন খেলৰ ফলাফল বা কোনো নিৰ্দিষ্ট অংশৰ খেলত কি ঘটিব, সেয়া খেল আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্ধাৰণ কৰা হয় ৷

ক্ৰিকেট ইতিহাসত এনে বহুধৰণৰ মেচ ফিক্সিঙৰ ঘটনা সংঘটিত হৈছে ৷ বহু কেইগৰাকী ক্ৰিকেটাৰে মেচ ফিক্সিঙৰ দৰে অপৰাধৰ সৈতে জড়িত থকাৰ প্ৰমাণো পোৱা গৈছে ৷

এই প্ৰতিবেদনত ক্ৰিকেট ইতিহাসক জোকাৰি যোৱা কেইটামান মেচ ফিক্সিঙৰ ঘটনা আৰু ইয়াত জড়িত থকা ক্ৰিকেটাৰসকলৰ নামসমূহ উল্লেখ কৰা হ’ল-

মহম্মদ আজহাৰউদ্দিন:প্ৰাক্তন ভাৰতীয় অধিনায়ক মহম্মদ আজহাৰউদ্দিনৰ বিৰুদ্ধে 2000 চনত উত্থাপিত হৈছিল মেচ ফিক্সিঙৰ অভিযোগ ৷ প্ৰথমতে দক্ষিণ আফ্ৰিকাৰ হেন্সী ক্ৰনিয়ে নামৰ ক্ৰিকেটাৰজনৰ বিৰুদ্ধে আৰোপ কৰা হৈছিল মেচ ফিক্সিঙৰ অভিযোগ ৷ ক্ৰিকেটাৰগৰাকীয়ে নিজৰ দোষৰ লগতে আজহাৰউদ্দিনে তেওঁক বুকীসকলৰ সৈতে পৰিচয় কৰাই দিয়া বুলি অভিযানকাৰী দলৰ আগত স্বীকাৰ কৰে । ফলস্বৰূপে আৰক্ষীয়ে তিনিখন এদিনীয়া মেচত খেলিমেলি কৰাৰ বাবে দোষী সাব্যস্ত কৰে আজহাৰউদ্দিনক ৷ ইয়াৰ পিছতে বি চি চি আই আৰু আই চি চিয়ে আজীৱন নিষিদ্ধ কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীক ৷ অৱশ্যে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে 2012 চনত এই নিষেধাজ্ঞা আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

মহম্মদ আজহাৰউদ্দিন (Getty Images)

চেলিম মালিক: চেলিম মালিকক এজন দুৰ্দান্ত ক্ৰিকেটাৰ হিচাপে প্ৰশংসা কৰা হৈছিল ৷ 1980 আৰু 1990 ৰ দশকত পাকিস্তানৰ ক্ৰিকেট দলৰ নেতৃত্ব বহন কৰিছিল এইগৰাকী ক্ৰিকেটাৰে ৷ একবিংশ শতিকাত মেচ ফিক্সিঙৰ সৈতে জড়িত থকাৰ অপৰাধত নিলম্বিত হোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰে হৈছে চেলিম মালিক ৷ দক্ষিণ আফ্ৰিকা আৰু জিম্বাব’ৱে ভ্ৰমণৰ সময়ত দলক নেতৃত্ব দিয়াৰ সময়তে মালিকক ক্ৰিকেটৰ পৰা আঁতৰত ৰখা হৈছিল ৷ ব’ৰ্ডে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰাৰ সময়ত তেওঁ খেলা অব্যাহত ৰাখিছিল । 100 খনতকৈও অধিক টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ পিছত মালিকৰ ক্ৰিকেট কেৰিয়াৰৰ সমাপ্তি ঘটে । চেলিম মালিকক মেচ ফিক্সিঙত জড়িত থকাৰ অপৰাধত আজীৱন কাৰাদণ্ড বিহা হয় ৷

চেলিম মালিক (Getty Images)

মাৰ্ক ৱ’ আৰু শ্বেন ৱাৰ্ণ: অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মাৰ্ক ৱ’ আৰু শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে উত্থাপিত হৈছিল মেচ ফিক্সিঙৰ দৰে গুৰুতৰ অভিযোগ ৷ 1994 আৰু 1995 চনৰ ভিতৰত নগদ ধনৰ বিনিময়ত বতৰ আৰু পিটচৰ তথ্য জন নামৰ এজন ভাৰতীয় বুকীক প্ৰদান কৰিছিল ক্ৰিকেটাৰ দুগৰাকীয়ে ৷ 1990 ৰ দশকৰ সৰ্ববৃহৎ মেচ ফিক্সিং কেলেংকাৰীত খেলুৱৈ দুগৰাকী জড়িত থকাৰ কথা পোহৰলৈ আহে ৷ অৱশ্যে অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডে প্ৰথমাৱস্থাত এই অপৰাধ লুকুৱাবলৈ অত্যন্ত চেষ্টা কৰে ৷ যেতিয়া 1998 চনত বিষয়টো পোহৰলৈ আহে, তেতিয়া ৱাৰ্ণ আৰু ৱ’ দুয়োজনেই কৌশলগত জ্ঞান নথকাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি দায়সৰা মন্তব্য কৰে ৷

শ্বেন ৱাৰ্ণ (Getty Images)

মহম্মদ আশ্ৰাফুল: বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মহম্মদ আশ্ৰাফুল বাংলাদেশ প্ৰিমিয়াৰ লীগৰ (বি পি এল) 2013 ছিজনত স্পট ফিক্সিঙৰ দৰে কেলেংকাৰীত জড়িত থকাৰ কথা পোহৰলৈ আহে । অৱশ্যে দুৰ্নীতিত জড়িত থকাৰ অপৰাধত ক্ৰিকেটাৰগৰাকীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ ম্যাদ আঠ বছৰৰ পৰা পাঁচ বছৰলৈ হ্ৰাস কৰা হৈছিল ৷ তদুপৰি দুবছৰৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অনুশাসনমূলক কমিটীৰ অধ্যক্ষৰ দ্বাৰা নিলম্বিত কৰি জৰিমনাও বিহা হয় খেলুৱৈগৰাকীক ৷

মাৰ্লন চেমুৱেলছ: চেমুৱেলছ 2012 চনত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ সদস্য আছিল ৷ একেটা বছৰতে দলটোৱে অৰ্জন কৰিছিল আই চি চি বিশ্ব টি 20 ৰ খিতাপ ৷ কিন্তু তাৰ আগতে 2008 চনত এজন বুকমেকাৰলৈ পৰিৱৰ্তিত হৈছিল ক্ৰিকেটাৰগৰাকী ৷ নাগপুৰত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত এখন মেচৰ ফলাফলৰ পূৰ্বে দলৰ ৰণনীতিৰ প্ৰচাৰ কৰা বুলি ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ ৷ অৱশ্যে চেমুৱেলছৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডনৰ বাবে খেলুৱৈগৰাকীৰ হাতত মজুত আছিল ফোনত হোৱা কথোপকথনৰ ৰেকৰ্ডিং ৷ যাৰ বাবে তেওঁৰ ওপৰত দুবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো আত্মপক্ষ সমৰ্থনৰ বাবে আছিল পৰ্যাপ্ত প্ৰমাণ ৷ সাময়িক এই নিষেধাজ্ঞাৰ পিছতে খেলুৱৈগৰাকীয়ে পুনৰ ক্ৰিকেটলৈ সফল প্ৰত্যাৱৰ্তন ঘটায় ৷

লগতে পঢ়ক:27 লাখ টকা দৰমহা, 50 দিনৰ ছুটী; চাকৰি বিচাৰি থকাসকলে কৰিব পাৰে আবেদন

ABOUT THE AUTHOR

...view details