স্প’ৰ্টছ ডেস্ক:এখন খেলে অসম-নাগালেণ্ড সীমান্তলৈ কঢ়িয়াইছে সম্প্ৰীতিৰ বতৰা । দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ মাজত অনুষ্ঠিত হৈছে বন্ধুত্বমূলক ভলীবল খেল প্ৰতিযোগিতা ৷
অসম-নাগালেণ্ড সীমান্তৰ গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে এই বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতাখন ৷ চলিত বৰ্ষৰ 11 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ এফ ভি বি টিৰ উদ্যোগত গোহাঁজান ভাগ্যলক্ষ্মী গাঁৱত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ।
বিগত সময়ৰে পৰা অসম-নাগালেণ্ড সীমান্তৰ সীমা বিবাদে এক দীৰ্ঘদিনীয়া সমস্যা হিচাপে থিয় দি আহিছে ৷ দুয়োখন ৰাজ্যৰে এই বিবাদ আৰু সমস্যাক একাষৰীয়া কৰি অসম-নাগালেণ্ড সীমান্তবাসীৰ মাজত অনুষ্ঠিত কৰা ভলীবল খেলখনে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
উল্লেখ্য যে, আজিৰে পৰা প্ৰায় 22 বছৰ পূৰ্বে তিতাবৰৰ বিশিষ্ট সমাজসেৱক, ব্যৱসায়ী প্ৰকাশ শইকীয়াৰ নেতৃত্বত কেইগৰাকীমান ব্যক্তিয়ে নাগালেণ্ডৰ ঊষা জিলাৰ চাংপাং চক্ৰৰ নিউচুৰিত আৰম্ভ কৰিছিল এই সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ উদ্দেশ্য আছিল অসম-নাগালেণ্ড সীমান্তত নগা-অসমীয়াৰ মাজত শান্তি-সম্প্ৰীতি স্থাপন কৰা ৷