অসম

assam

ETV Bharat / sports

30-50 লাখ দিয়া, ক্ৰিকেট দলত স্থান লাভ কৰাটো নিশ্চিত; প্ৰাক্তন মন্ত্ৰীৰ ভাষ্যই লগাইছে তোলপাৰ

Bribes in cricket selection: ক্ৰিকেটাৰ নিৰ্বাচনৰ পূৰ্বে লাখ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ ৷ প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা মন্ত্ৰীৰ ভাষ্যই তোলপাৰ লগাইছে খেলুৱৈসকলৰ মাজত ৷

MOHSIN RAZA
ক্ৰিকেটাৰ বাছনি শিবিৰ (Uttar Pradesh Cricket Association)

By ETV Bharat Sports Team

Published : 4 hours ago

স্প’ৰ্টছ ডেস্ক: এগৰাকী প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা মন্ত্ৰীৰ ভাষ্যই তোলপাৰ লগাইছে ক্ৰিকেট খেলুৱৈসকলৰ মাজত ৷ খেলুৱৈ নিৰ্বাচনৰ পূৰ্বে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে ৷ পিছে কাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন দাবীৰ অভিযোগ ?

উত্থাপিত অভিযোগ অনুসৰি, অনুৰ্ধ 16 শাখাত কোনো খেলুৱৈয়ে ক্ৰিকেট খেলিব বিচাৰিলে প্ৰায় 6 লাখ টকা দিব লাগিব ৷ তেনেদৰে, অনুৰ্ধ-19 শাখাত খেলিব বিচাৰিলে 30 লাখ আৰু ৰঞ্জী খেলিব বিচাৰিলে কোনো খেলুৱৈয়ে পৰিশোধ কৰিব লাগিব 30 ৰ পৰা 50 লাখ টকা ৷

খেলুৱৈ নিৰ্বাচনৰ ক্ষেত্ৰত ধন দাবী কৰাৰ ঘটনা কোনো নতুন নহয় ৷ পিছে এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ আনিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মন্ত্ৰী মহছিন ৰাজাই ৷ উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ ৷

কংগ্ৰেছৰ শীৰ্ষ নেতাৰ হস্তক্ষেপ

মহছিন ৰাজাই এই বিষয়ত কৈছিল যে, "উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ প্ৰেক্ষাপট বিগত কিছুবছৰৰ পৰা সলনি হ’বলৈ ধৰিছে । মই অতীতত এগৰাকী ক্ৰিকেটাৰ আছিলো । সেইকাৰণে খেলুৱৈসকলে মোৰ সৈতে যোগাযোগ কৰিছিল ।এই সকলোবোৰ বিষয়ৰ বিষয়ে অৱগত কৰা হৈছে । যেতিয়া আৰ টি আইৰ জৰিয়তে তথ্য লোৱা হৈছিল, দেখা গৈছিল যে এইটো সেই প্ৰতিষ্ঠান নহয়, যাৰ অধীনত আমি খেলিছিলো । ইয়াৰ পৰিচালক মণ্ডলী আছে । এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাৰ ইয়াত হস্তক্ষেপ আছে" ।

উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat)

2005 চনত কংগ্ৰেছ নেতাসকলে তদানীন্তন উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ সম্পাদক জ্যোতি বাজপেয়ীৰ সহায়ত আগবাঢ়ি গৈছিল বুলিও তেওঁ লগতে কয় ।

ক্ৰিকেটাৰৰ বাছনিত লাখ লাখ টকাৰ লেনদেন

সংগঠনটো ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি তাৰ পৰা বহিস্কাৰ কৰিছিল জ্যোতি বাজপেয়ীক ৷ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ যুৱক-যুৱতীসকলক এটা ব্যক্তিগত সীমিত কোম্পানী গঠন কৰি বিপথে পৰিচালিত কৰা হৈছিল । অভিযোগ অনুসৰি, শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীৰ ব্যক্তিগত সহায়কে এই সকলো ধনৰ লেনদেন কৰিছিল ৷ শিশুসকলক ক্ৰিকেটত অন্তৰ্ভুক্ত কৰাৰ নামত সংগ্ৰহ কৰিছিল নগদ ধন আৰু তাৰপিছত তেওঁলোকক শোষণ কৰা হৈছিল ৷

চমুকৈ অভিযোগবোৰ নিম্নলিখিত ধৰণৰ:

  • শিশুৰ পৰা টকা লোৱা আৰু তেওঁলোকক দলত বাছনি কৰা ।
  • অনুৰ্ধ-16 দলত বাছনিৰ বাবে 6 লাখ টকাৰ উৎকোচ ।
  • অনুৰ্ধ-19 ত খোৱাৰ বাবে 20 লাখ টকাৰ উৎকোচ ।
  • অনুৰ্ধ-23 দলৰ বাবে 30 লাখ টকাৰ উৎকোচ ।
  • ৰঞ্জী খেলিবলৈ 30 ৰ পৰা 50 লাখ টকা নীতি বহিৰ্ভূতভাৱে গ্ৰহণ ৷
  • এই সকলোবোৰৰ আঁৰত আছে কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা ৷

চিঠি পঢ়ি উত্তৰ দিব ইউ পি চি এ-য়ে

উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থাৰ এ চি ই অ' অংকিত চেটাৰ্জীয়ে কৈছিল যে, "আমি এইমাত্ৰ মহছিন ৰাজাৰ পৰা পত্ৰখন পাইছো । এই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰা হৈছে । পত্ৰখনৰ তথ্যবোৰ পৰীক্ষা কৰা হৈছে । পিছত এক বিতং সঁহাৰি দিয়া হ'ব । এই বিষয়ত এতিয়াই বেছি ক'ব নোৱাৰি" ৷

লগতে পঢ়ক:মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমান খালিফৰ প্ৰকৃত সত্য

ABOUT THE AUTHOR

...view details