স্প’ৰ্টছ ডেস্ক:বহু সময়ত খেলপথাৰত ঘটা বিভিন্ন অবাঞ্চিত ঘটনাৰ বাবে যথেষ্ঠ ক্ষতিৰ সন্মুখীন হ’বলগা হয় খেলুৱৈসকল ৷ আনকি এনে বহু ঘটনাৰ বাবে একাংশ খেলুৱৈয়ে খেলপথাৰতে হেৰুৱাইছে প্ৰাণ ৷
শেহতীয়াকৈ দুটা জনপ্ৰিয় ফুটবল ক্লাবে স্থানীয় লীগৰ এখন মেচত কৰিছিল অংশগ্ৰহণ ৷ প্ৰায় 22 মিনিটৰ খেলৰ অন্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে খেলখন ৰেফাৰীয়ে বন্ধ কৰিবলৈ বাধ্য হয় ৷ খেলপথাৰৰ কেইবাটাও স্থানত পানী জমা হোৱাৰ বাবে খেলখন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল ৷ যাৰ বাবে খেলুৱৈসকলে খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷
ঠিক তেনে সময়তে সংঘটিত হৈছিল এই কৰুণ ঘটনা ৷ বৰষুণৰ মাজতে আকস্মিকভাৱে হোৱা বজ্ৰপাতৰ ফলত খেলপথাৰতে মৃত্যু ঘটে এজন ফুটবল খেলুৱৈৰ ৷ এই ঘটনা সংঘটিত হৈছে পেৰুত ৷
প্ৰকৃততে কি ঘটিছিল
পেৰুত জুভেণ্টুড বেলাভিষ্টা আৰু ফেমিলিয়া কোকাৰ মাজত চলি আছিল এখন ফুটবল খেল ৷ এই খেলৰ মাজতে আৰম্ভ হৈছিল ধাৰাসাৰ বৰষুণ ৷ বৰষুণৰ মাজতে খেলুৱৈসকলে খেল অব্যাহত ৰাখিছিল ৷ কিন্তু ৰেফাৰীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খেলখন বন্ধ কৰিবলৈ বাধ্য হয় ৷
তেতিয়া খেলপথাৰত মজুত থকা ফুটবলাৰসকলে খেলপথাৰৰ বাহিৰলৈ আহিবলৈ ধৰে ৷ তেনে সময়তে খেলপথাৰত বজ্ৰ পৰাৰ ফলত বহুকেইগৰাকী খেলুৱৈ আহত হোৱাৰ লগতে এগৰাকী খেলুৱৈৰ থিতাতে মৃত্যু ঘটে ৷
পেৰুৰ লাইভ মেচত ভয়ংকৰ দুৰ্ঘটনা