অসম

assam

ETV Bharat / sports

এফ আই এইচ প্ৰ'লীগ: বেলজিয়ামৰ হাতত পৰাস্ত ভাৰতীয় মহিলা হকী দল - FIH Pro League - FIH PRO LEAGUE

FIH Pro League: এফ আই এইচ হকী প্ৰ'লীগ ২০২৩-২৪ ৰ ইউৰোপীয় লেগত পৰাজয়ৰ সন্মুখীন ভাৰতীয় মহিলা হকী দল । বৃহস্পতিবাৰে বেলজিয়ামৰ হাতত ০-২ গ'লত পৰাস্ত দলটো ।

FIH Pro League
বেলজিয়ামৰ হাতত পৰাস্ত ভাৰতীয় মহিলা হকী দল (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:37 PM IST

স্পৰ্টছ ডেস্ক,২৪ মে': এফ আই এইচ হকী প্ৰ'লীগ ২০২৩-২৪ৰ দ্বিতীয়খন খেলত বেলজিয়ামৰ হাতত ০-২ গ'লত পৰাস্ত হয় ভাৰতীয় মহিলা হকী দল । বেলজিয়ামৰ হৈ এলেক্সিয়া 'টি চেৰষ্টিভেনছ আৰু লুইছ দেৱেটে এটাকৈ গ'ল দিয়ে ।

ভাৰতে খেলখন আক্ৰমণাত্মক দৃষ্টিভংগীৰে আৰম্ভ কৰিছিল । প্ৰাৰম্ভিক পেনাল্টি কৰ্ণাৰো লাভ কৰিছিল কিন্তু তাক গ'ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে । অৱশ্যে ভাৰতী মহিলা দলটোৱে বেলজিয়ামক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় । ভাৰতৰ প্ৰতিৰক্ষাই বেলজিয়ামক বাধা দি আছিল । বেলজিয়ামে প্ৰথম কোৱাৰ্টাৰটোৰ শেষৰ ফালে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল কিন্তু ভাৰতীয় দলৰ গ'লৰক্ষক সবিতাই বিশেষ অসুবিধা নোহোৱাকৈ ইয়াক ৰক্ষা কৰিছিল । ইফালে, ভাৰতে কেইবাবাৰো গ'ল দিয়াৰ সুযোগ পাইছিল যদিও প্ৰথম ১৫ মিনিট গ'লবিহীন হৈ থাকিল ।

দ্বিতীয় কোৱাৰ্টাৰত, বেলজিয়ামে পাছিং আৰু নিৰন্তৰ আক্ৰমণৰ সৈতে তেওঁলোকৰ চাপ বৃদ্ধি কৰে । অৱশ্যে, ভাৰতে দলটোক নিৰন্তৰভাৱে চাপত ৰাখিলে । যাৰ ফলত হাফ টাইমলৈ স্ক'ৰ 0-0 হৈ থাকিল ।

বেলজিয়ামে তৃতীয় কোৱাৰ্টাৰত অধিক আক্ৰমণাত্মক হৈ পৰে । যাৰ ফলত এলেক্সিয়া 'টি চেৰষ্টিভেনছে ৩৪ মিনিটত আৰু লুইছ দেৱেটে ৩৬ মিনিটত প্ৰায় দুই মিনিটৰ ব্যৱধানত দুটাকৈ গ'ল কৰি খেলখনত আগবাঢ়ি থাকে । এনেদৰে ঘৰুৱা দলটোৱে ২-০ ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । অৱশ্যে খেলখনত উভতি আহিবলৈ ভাৰতৰ মহিলা দলটোৱে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই থাকিল । আনকি অন্তিম কোৱাৰ্টাৰটোৰ শেষৰ ফালে পেনাল্টি কৰ্ণাৰ লাভ কৰিও গ'ল কৰাত ব্যৰ্থ হ'ল ভাৰতীয় দলটো ।

চতুৰ্থ কোৱাৰ্টাৰত ভাৰতে আগতীয়া অগ্ৰগতি লাভ কৰে আৰু বেলজিয়ামৰ প্ৰতিৰক্ষা ভংগৰ চেষ্টা কৰে । কিন্তু আয়োজক দলটোৱে সফলতাৰে তেওঁলোকৰ অগ্ৰগতি বজাই ৰাখে । ফলস্বৰূপে ভাৰতীয় দলটো খেলখনত ৩ গ'লত পৰাস্ত হয় ।

লক্ষণীয়ভাৱে, ভাৰতীয় ফৰৱাৰ্ড দীপিকা চোৰেঙে খেলখনত আত্মপ্ৰকাশ কৰিছিল । ভাৰতীয় মহিলা হকী দলে ২৫ মে'ত ভাৰতীয় সময় মতে সন্ধিয়া ৫.৩০ বজাত বেলজিয়ামৰ সৈতে পুনৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :মালয়েছিয়া মাষ্টাৰ্ছ ২০২৪ৰ ছেমিফাইনেলত পিভি সিন্ধু, কোৱাৰ্টাৰত স্তব্ধ অসমৰ অস্মিতা - Malaysia Masters 2024

ABOUT THE AUTHOR

...view details