স্পৰ্টছ ডেস্ক, ১৩ জুন : বুধবাৰে নাচাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ গ্ৰুপ মেখন এক ঐতিহাসিক মেচ হিচাপে পৰিগণিত হয় । অৱশ্যে নিশ্চিতভাৱে ভাৰতে ছুপাৰ এইটলৈ উন্নীত হোৱা বা বিৰাট কোহলীয়ে 'গ'ল্ডেন ডাক'ত আউট হোৱাক লৈ কোনো ইতিহাস সৃষ্টি হোৱা নাই । কিন্তু ইয়াৰ আঁৰত আছে আমেৰিকা । কিয়নো ক্ৰিকেটৰ 'ষ্টপ ক্লক' নিয়মৰ দ্বাৰা শাস্তি লোভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে আমেৰিকা । দুয়োটা দলৰ মাজৰ মেচখন উত্তেজনাপূৰ্ণ হৈ পৰিছিল । কিন্তু আয়োজক দলটোৱে সঠিক মতে সময় ব্যৱহাৰত কৰা এক ত্ৰুটিৰ বাবে পাঁচ ৰাণৰ মূল্য ভৰিবলগা হয় । তাৰ পিচতে মেচৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতৰ পৰা পিছলি যায় ।
উল্লেখ্য যে মেচখনত অৰ্শদীপ সিঙৰ কেৰিয়াৰ শ্ৰেষ্ঠ আৰু এতিয়ালৈকে টি-২০ বিশ্বকাপত যিকোনো ভাৰতীয় বলাৰৰ হৈ কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে আমেৰিকাৰ ইনিংছ ৮ উইকেটত ১১০ ৰাণত থমকি ৰয় । মেচখনৰ তাৰকা খেলুৱৈ অৰ্শদীপে নিজৰ নিৰ্ধাৰিত ৪ অভাৰত মাত্ৰ ৯ ৰাণ খৰচ কৰি বিপক্ষৰ চাৰিগৰাকী বেটাৰক পেভিলিয়নমুখী কৰে । আনহাতে, সূৰ্যকুমাৰ যাদৱে ভাৰতৰ হৈ এক দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে আৰু তেওঁৰ অৰ্ধশতকৰ সহায়ত ভাৰতে সাত উইকেটত বিজয়ৰ সোৱাদ লাভ কৰে ।
ভাৰত বনাম আমেৰিকাৰ মেচখনত প্ৰকৃততে কি ঘটিছিল ?
এই ঘটনাটো মেচখনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত সংঘটিত হৈছিল । সেই সময়ত দুয়োটা দলে জয়ৰ বাবে সমান সুযোগ পাইছিল । ১৬ নম্বৰ অভাৰ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতে তিনি উইকেটৰ বিনিময়ত ৭৬ ৰাণ সংগ্ৰহ কৰিছিল । জয়ৰ বাবে দলটোক অন্তিম পাঁচ অভাৰত ৩৫ ৰাণৰ প্ৰয়োজন আছিল । কিন্তু যশদীপ সিঙে তেওঁৰ অভাৰ আৰম্ভ কৰাৰ পূৰ্বে খেলপথাৰত থকা আম্পায়াৰে আমেৰিকাৰ অধিনায়ক এৰন জোনছক মাতি আনি কয় যে তেওঁৰ দলটোক পাঁচ ৰাণৰ পেনাল্টি ভৰোৱা হৈছে ।
এই শাস্তি ষ্টপ ক্লক নিয়মৰ অধীনত বিহা হৈছিল, যিটো আই চি চিয়ে চলিত বিশ্বকাপৰ পূৰ্বে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল । আন্তৰ্জাতিক ক্ৰিকেটত দলবোৰক সময় অপচয় কৰাত বাধা দিয়াত এই নিয়মটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
ষ্টপ ক্লক নিয়ম কি ?
ষ্টপ ক্লক নিয়মৰ আঁৰৰ ধাৰণাটো হৈছে এখন মেচ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শেষ হোৱাটো নিশ্চিত কৰা আৰু সময়ৰ অপচয় সীমিত কৰা । আই চি চিৰ এক বিবৃতি অনুসৰি, নিয়মটোত কোৱা হৈছে যে ফিল্ডিং দলটোক পৰৱৰ্তী অভাৰটো আৰম্ভ কৰিবলৈ 60 ছেকেণ্ডৰ অনুমতি দিয়া হৈছে ।
"এটা অভাৰ সম্পূৰ্ণ হোৱাৰ পিচত, ফিল্ডিং দলটোক পৰৱৰ্তী অভাৰটো আৰম্ভ কৰিবলৈ 60 ছেকেণ্ড সময় দিয়া হ'ব । সময়ৰ হিচাপ ৰাখিবলৈ খেলৰ স্থানত এটা ইলেক্ট্ৰ'নিক ঘড়ী থাকিব ।" আই চি চিৰ এক বিবৃতিত কোৱা হৈছে ।
ষ্টপ ক্লক নিয়মৰ কাৰ্যকৰীকৰণ
ষ্টপ ক্লক নিয়মত কোৱা হৈছে যে ফিল্ডিং পক্ষই পৰৱৰ্তী অভাৰটো ৬০ ছেকেণ্ডৰ ভিতৰত আৰম্ভ কৰিব লাগিব আৰু ষ্টেডিয়ামত থকা এটা ইলেক্ট্ৰ'নিক ঘড়ীয়ে ইয়াৰ হিচাপ ৰাখিব ।