অসম

assam

ETV Bharat / sports

টাৱাং মাৰাথনত ৮০ বছৰীয়া চিৰতৰুণ, ইথিওপিয়াৰ দৌৰবিদৰ প্ৰিয় বলিউডৰ তাৰকা

আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণি ৷ ৪২ কিলোমিটাৰ শাখাত অধিপত্য স্থাপন ইথিওপিয়াৰ এথেলিটৰ ৷ প্ৰতিযোগিতাৰ বিশেষ আকৰ্ষণ এগৰাকী ৮০ উৰ্ধৰ এথলিট ৷

TAWANG MARATHON 2024
আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ দ্বিতীয় সংস্কৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

টাৱাং:পশ্চিম অৰুণাচল প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনত ভাগ ল’লে ৮০ বছৰীয়া চিৰতৰুণ ড৹ সতৱন্ত সিং জুছে । সাধাৰণতে জীৱনৰ ভাটিবেলা বুলি কোৱা এই সময়ছোৱাতো তেওঁ টাৱাং মাৰাথনত অংশগ্ৰহণ কৰি আন বহুতৰে বাবে হৈ পৰিছে উদাহৰণ ৷ কেৱল মাৰাথনত অংশগ্ৰহণ কৰাই নহয়, মুম্বাইৰ এইগৰাকী এথলিটে ১৫,০০০ হাজাৰ টকাৰ বিজেতাৰ উপহাৰ কৰি ল’লে নিজৰ নামত ।

পুৰস্কাৰ গ্ৰহণ কৰি তেওঁ কয় যে নিজকে সুস্বাস্থ্য গৰাকী কৰি ৰাখিবলৈ তেওঁ খাদ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল । "অতি উচ্চতাৰ টাৱাঙত সকলোৱে অক্সিজেনৰ অভাৱ বুলি সকলোৱে কয় কিন্তু মই সেইধৰণৰ একো অনুভৱ নকৰিলোঁ ৷ " এইদৰে কয় জুছে ৷ দৈনিক ত্ৰিফলা সেৱন কৰা দৌৰবিদজন আয়ুৰ্বেদিক ঔষধৰ ওপৰত নিৰ্ভৰশীল ।

আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ দ্বিতীয় সংস্কৰণ (ETV Bharat Assam)

আনহাতে আন্তঃৰাষ্ট্ৰীয় মহিলা দৌৰবিদ ইথিওপিয়া গেনেট শিকোৰ ৰেছিদয়ে ৪২ কিলোমিটাৰ দূৰত্ব ৩ ঘণ্টা ১৭ মিনিট ১৯ ছেকেণ্ডত সমাপ্ত কৰি মহিলাৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰে ৷ পুৰস্কাৰ হিচাপে তেওঁ নগদ ৩ লাখ টকা লাভ কৰে । তেওঁ ভাৰতৰ পৰম্পৰা আৰু অতিথিপৰায়ণতাত মুগ্ধ বুলি কয় । তেওঁ লগতে ভাৰতীয় খাদ্য গ্ৰহণ কৰি টাৱাঙৰ অতি উচ্চস্তৰৰ ১০,০০০ ফুট উচ্চতাত দৌৰি গৌৰৱান্বিত অনুভৱ কৰিছে জানিবলৈ দিয়ে । বলিউডৰ ছবি চাই ভালপোৱা ৰেছিদয়ে কথাৰ মাজতে বলিউডৰ তাৰকা শ্বাহৰুখ খান আৰু ছলমান খানৰ নাম লৈ দুয়োগৰাকী তেওঁৰ প্ৰিয় অভিনেতা বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক:1100 মহিলাৰ অংশগ্ৰহণৰে 24 অক্টোবৰত টাৱাং মাৰাথন

ইফালে আলামু তাদশা গিদিও নামৰ ইথিওপিয়াৰ পুৰুষ দৌৰবিদজনে ৪২ কিলোমিটাৰ দৌৰত অংশগ্ৰহণ কৰি ২ ঘণ্টা ৪৪ মিনিট ১৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান অধিকাৰ কৰে আৰু নগদ ৩ লাখ টকাৰ পুৰস্কাৰ হিচাপে লাভ কৰে ।

ইফালে টাৱাং মাৰাথনত পুৰস্কাৰ বিতৰণ কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, "অহা বছৰ এই আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনত খেলজগতৰ লগত জড়িত বলিউডৰ তাৰকাৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা হ’ব । ২৪ অক্টোবৰত পালন কৰা এই মাৰাথন ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বছৰীয়া অনুষ্ঠান হিচাবে বিবেচিত হৈছে ৷

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙে টাৱাং মাৰাথনৰ জৰিয়তে জিলাখনৰ সীমান্তৱৰ্তী গাঁওসমূহক একত্ৰিত কৰাৰ এক প্ৰয়াস আৰু ৰাজ্যৰ অৰ্থনৈতিক সংস্কৃতিৰ উন্নয়ন সাধন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

আজি ৰাষ্ট্ৰসংঘ দিৱসৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ভাৰতীয় সেনাৰ যৌথ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন অনুষ্ঠিত কৰা হয় ৷ এইবাৰৰ মাৰাথনত সমগ্ৰ ভাৰতৰ ২৭খন ৰাজ্য আৰু দুখন বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰৰ পৰা অহা মুঠ ১১৯৯ গৰাকী মহিলা আৰু ৪৫৮০ গৰাকী পুৰুষ দৌৰবিদে অংশগ্ৰহণ কৰে । সামৰণি অনুষ্ঠানত টাৱাঙৰ মনপা জনগোষ্ঠীৰ লোকনৃত্য আৰু সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিকূল বতৰৰ মাজতে সমাপ্ত হয় ।

ABOUT THE AUTHOR

...view details