অসম

assam

ETV Bharat / sports

ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা - ENGLAND VS AUSTRALIA 1ST ODI - ENGLAND VS AUSTRALIA 1ST ODI

England vs australia live streamig: টি-20 শৃংখলাৰ পিছত বৃহস্পতিবাৰে নটিংহামৰ আইকনিক ট্ৰেণ্ট ব্ৰীজ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাৰ প্ৰথমখন এদিনীয়াত মুখামুখি হ’ব অষ্ট্ৰেলিয়া-ইংলেণ্ড ৷ বহু প্ৰত্যাশিত 2025 চনৰ চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে দল দুটাই এই শৃংখলাৰ জৰিয়তে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ সুযোগ পাব ৷

ENGLAND VS AUSTRALIA 1ST ODI
ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল (Getty Images)

By ETV Bharat Sports Team

Published : Sep 19, 2024, 2:13 PM IST

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ:তৃতীয়খন মেচৰ সামৰণিৰ লগে লগে ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ মাজৰ টি-20 শৃংখলাটো অমীমাংসিতভাৱে সামৰণি পৰে ৷ ইয়াৰ পাছত দল দুটাৰ মাজত নটিংহামৰ আইকনিক ট্ৰেণ্ট ব্ৰীজ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাঁচখন মেচৰ এদিনীয়া শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে ৷

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া 2025 চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে দলসমূহে সাজু হ’বলৈ আৰম্ভ কৰাৰ লগে লগে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়ায়ো নিজৰ খুঁটি-নাটিসমূহ বাহিৰ কৰি উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ চেষ্টা অব্যাহত ৰাখিব ৷ কাৰণ প্ৰতিযোগিতাখন নক আউট ফৰ্মেটত অনুষ্ঠিত হ’ব ।

2023 চনৰ ডিচেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2-1 ব্যৱধানত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডে প্ৰথমবাৰৰ বাবে এদিনীয়া মেচত অংশগ্ৰহণ কৰিব ৷

2023 চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়ান দলৰ সদস্য ষ্টিভ স্মিথ, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, মিচেল ষ্টাৰ্ক আৰু এলেক্স কেৰীৰ দৰে খেলুৱৈসকল দললৈ উভতি আহিছে । অধিনায়ক পেট কামিন্সে ক্ৰিকেটৰ পৰা দুমাহৰ বিৰতি লৈছে ৷ যাৰ বাবে অলৰাউণ্ডাৰ মিচেল মাৰ্ছে অষ্ট্ৰেলিয়াৰ দলটোক নেতৃত্ব প্ৰদান কৰিব ৷

আনহাতে, জছ বাটলাৰৰ অনুপস্থিতিত ইংলেণ্ডৰ অধিনায়কৰ দায়িত্ব পালন কৰিব হেৰী ব্ৰুকে ৷ তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে 18 মাহৰ পাছত পুনৰ উভতিব এদিনীয়ালৈ । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে প্ৰথমখন এদিনীয়াত ইটোৱে-আনটোৰ বিৰুদ্ধে স্কোৱাৰ অফ কৰিবলৈ সাজু হৈছে ৷

চাওক ক’ত আৰু কেনেদৰে উপভোগ কৰিব পাৰিব এই মেচখন

ক’ত: নটিংহামৰ ট্ৰেণ্ট ব্ৰীজ

কেতিয়া: 19 ছেপ্টেম্বৰ (বৃহস্পতিবাৰ), বিয়লি ৫.৩০ বজাত (IST)

মেচখনৰ পোনপটীয়া সম্প্ৰচাৰ: ছ’নী স্প'ৰ্টছ 5 আৰু ছ’নী স্প'ৰ্টছ 5 এইচ ডি চেনেল

মেচখনৰ পোনপটীয়া সম্প্ৰচাৰৰ দায়িত্ব: ছ’নী লিভ আৰু FanCode এপ আৰু ৱেবছাইট

এদিনীয়াৰ বাবে দল দুটা:

ইংলেণ্ডৰ দলটো: হেৰী ব্ৰুক(অধিনায়ক), ফিলিপ ছল্ট(উইকেটকীপাৰ), উইল জেকছ, বেন ডাকেট, লিয়াম লিভিংষ্টন, জেমী স্মিথ, জোফ্ৰা আৰ্চাৰ, ৰিচ টপলি, আদিল ৰছিদ, ব্ৰাইডন কাৰ্ছ, অলি ষ্টোন, মেথিউ পটছ, জৰ্ডান কক্স, জন টাৰ্ণাৰ, জেকব বেথেল আৰু চাকিব মাহমুদ ৷

অষ্ট্ৰেলিয়াৰ দলটো: মিচেল মাৰ্ছ(অধিনায়ক), ট্ৰেভিছ হেড, জোছ ইংলিশ(উইকেটকীপাৰ), কেমেৰন গ্ৰীণ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, শ্বেন এবট, জছ হেজলউড, এডাম জাম্পা, মিচেল ষ্টাৰ্ক, মেথিউ শ্বৰ্ট, এৰন হাৰ্ডি, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, এলেক্স কেৰী, বেন ড্ৱাৰ্শ্বুইছ আৰু কুপাৰ কনলি ৷

লগতে পঢ়ক:মেচৰ মাজতে ঋষভ পন্ত আৰু লিটন দাসৰ বাকযুদ্ধ, ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

ABOUT THE AUTHOR

...view details