অসম

assam

ETV Bharat / sports

823/7... মুলতানত পাকিস্তানৰ বিৰুদ্ধে ৰাণৰ পাহাৰ ইংলেণ্ডৰ; 147 বছৰীয়া ইতিহাসত এয়া ঘটিল চতুৰ্থবাৰৰ বাবে

Multan test: 1997 চনৰ পিছত টেষ্ট ক্ৰিকেটত ঐতিহাসিক প্ৰদৰ্শন ইংলেণ্ডৰ । মুলতান টেষ্টত পাকিস্তানৰ বিৰুদ্ধে এই প্ৰদৰ্শন ইংলেণ্ডৰ ৷

By ETV Bharat Sports Team

Published : 5 hours ago

ENG VS PAK TEST SERIES
ইংলেণ্ড বনাম পাকিস্তান (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ:মুলতানত অনুষ্ঠিত প্ৰথমখন টেষ্টত পাকিস্তানৰ বিৰুদ্ধে 26 ৰাণত জয় লাভ কৰিছে ইংলেণ্ডে ৷ এই টেষ্ট সাক্ষী হৈ ৰয় কেইবাটাও অভিলেখৰ ৷ প্ৰায় 87 বছৰীয়া দীঘলীয়া সময়ৰ পিছত 700 ৰো অধিক ৰাণ সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰে ইংলেণ্ডে ৷

পাকিস্তানৰ 556 ৰাণৰ প্ৰত্যুত্তৰত ইংলেণ্ডে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ৷ ইংলেণ্ডৰ হৈ জ’ ৰুটে দ্বি-শতক আৰু হেৰী ব্ৰুক তিনিটাকৈ শতক অৰ্জন কৰে । ইংৰাজ বেটছমেনসকলৰ আগ্ৰাসী মনোভাৱৰ বাবে এইখন মেচৰ সময়ত ভংগ হৈছিল বহু অভিলেখ । দলটোৱে 823/7 ত ঘোষণা কৰে ইনিংছ ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দলৰ অভিলেখ স্থাপন কৰে ইংলেণ্ডে ৷

1997 চনত কলম্বোত ভাৰতৰ বিৰুদ্ধে 6 টা উইকেট হেৰুৱাই শ্ৰীলংকাই 952 ৰাণ সংগ্ৰহৰে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দলৰ তালিকাত লাভ কৰিছিল শীৰ্ষস্থান ৷ তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানো দখল কৰিছে ইংলেণ্ডে ৷ পুনৰ এবাৰ দলটোৱে মুলতানত লাভ কৰে সেই সুযোগ আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দলৰ তালিকাত লাভ কৰে চতুৰ্থ স্থান ৷

1938 চনতেই ইংলেণ্ডে টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰিছিল 700 ৰো অধিক ৰাণ ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দলটোৱে অ’ভেলত অনুষ্ঠিত টেষ্টত 903/7 ত ইনিংছ ঘোষণা কৰিছিল ।

হেৰী ব্ৰুকে মাত্ৰ 310 টা বলত তিনিটাকৈ শতক সম্পূৰ্ণ কৰি টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক দ্ৰুততম ত্ৰিপল শতক অৰ্জনকাৰীত পৰিণত হয় ৷ 2003 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে 362 টা বলত 300 ৰাণ সংগ্ৰহ কৰা মেথিউ হেডেনক অতিক্ৰম কৰে ব্ৰুকে ৷ ৰুট আৰু ব্ৰুকৰ 454 ৰাণৰ অংশীদাৰিত্বৰে টেষ্ট ক্ৰিকেটত চতুৰ্থ সৰ্বাধিক অংশীদাৰিত্বৰ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় ।

শ্ৰীলংকাৰ ক্ৰিকেটাৰ মাহেলা জয়ৱৰ্ধনে আৰু কুমাৰ ছাংগাকাৰাৰ টেষ্ট পাৰ্টনাৰশ্বিপ হৈছে 324 ৰাণ । ইংলেণ্ড আৰু পাকিস্তানৰ মাজত মুলতানত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত শতাধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে দুয়োটা দলৰ বেটছমেনে দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । মুলতান টেষ্টত প্ৰথমে বেটিং কৰি পাকিস্তানে 556 ৰাণ সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত ইংলেণ্ডে 823/7 ৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰি 267 ৰাণৰ অগ্ৰগতিৰে ইনিংছ ঘোষণা কৰে ।

টেষ্ট মেচত প্ৰথম ইনিংছত সৰ্বাধিক মুঠ স্ক’ৰ

1489 - শ্ৰীলংকা বনাম ভাৰত, কলম্বো, 1997

1409 - পাকিস্তান বনাম শ্ৰীলংকা, কৰাচী, 2009

1379 - পাকিস্তান বনাম ইংলেণ্ড, মুলতান, 2024*

1349 - ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড, ব্ৰীজটাউন, 2009

1349 - শ্ৰীলংকা বনাম ভাৰত, কলম্বো, 2009

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বোচ্চ মুঠ স্ক’ৰ

952/6 ইনিংছ ঘোষণা - শ্ৰীলংকা বনাম ভাৰত, কলম্বো, 1997

903/7 ইনিংছ ঘোষণা - ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, দ্য অভাল, 1938

849 - ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, কিংষ্টন, 1930

823/7 ইনিংছ ঘোষণা - ইংলেণ্ড বনাম পাকিস্তান, মুলতান, 2024*

790/3 ইনিংছ ঘোষণা - ৱেষ্ট ইণ্ডিজ বনাম পাকিস্তান, কিংষ্টন, 1958

লগতে পঢ়ক:বাংলাদেশক ধূলিস্যাৎ কৰি টি 20 শৃংখলা দখল ভাৰতৰ

ABOUT THE AUTHOR

...view details