ETV Bharat / bharat

পাৰ্চী ৰীতি-নীতিৰে পঞ্চভূতত মিলি গ'ল মানৱ দৰদী মানুহজন

Ratan Tata funeral: মহাৰাষ্ট্ৰৰ ৱৰ্লিৰ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ । অমিত শ্বাহকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Ratan Tata Funeral
পঞ্চভূতত মিলি গ'ল মানৱ দৰদী মানুহজন (ETV Bharat)

নেশ্যনেল ডেস্ক,১০ অক্টোবৰ : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ল প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ অন্তিম সংস্কাৰ । বৃহস্পতিবাৰে বিয়লি মুম্বাইৰ ৱৰ্লি শ্মশানত উদ্যোগপতিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ শ গুণমুদ্ধই ভিৰ কৰে । মুম্বাই আৰক্ষী আৰু বি এম চিয়ে অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে সমাজহিতৈষী ৰতন টাটাক ৱৰ্লি শ্মাশানত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়া

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বুধবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৰতন টাটাৰ মৃত্যু হয় । এই খবৰ শুনাৰ লগে লগে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট লোকে ততাতৈয়াকৈ চিকিৎসালয়ত উপস্থিত হয় । ৰতন টাটাৰ নশ্বৰ দেহ অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে এন চি পি এৰ লনত ৰখা হৈছিল । তাৰ পিছত আজি আবেলি প্ৰায় ৪ বজাত তেওঁৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এন চি পি এ লনৰ পৰা ৱৰ্লিৰ শ্মশানলৈ লৈ যোৱা হয় ।

বিশিষ্ট ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি

দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি বহু জ্যেষ্ঠ নেতা তথা তাৰকাই ৰতন টাটাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, শাৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে, উদ্যোগপতি মুকেশ আম্বানী, উদ্যোগপতি গৌতম আদানিকে ধৰি বহু লোকে ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পাৰ্চী ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া

ৰতন টাটাৰ নশ্বৰ দেহ শ্মশানলৈ অনাৰ পিছতে এক শোকসভাৰ আয়োজন কৰা হয় । এই সময়ত, টাটা পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে । এই সময়ত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলো উপস্থিত থাকে । তাৰ পিছত পাৰ্চী সমাজৰ নিয়ম অনুসৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :কোন হ’ব ৰতন টাটাৰ উত্তৰসূৰী ? চৰ্চাত টাটা পৰিয়ালৰ কেবাজনো সদস্যৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.