ETV Bharat / bharat

কেৰালাৰ নেত্ৰদাতা গাঁঁওখনে দিছে মানৱসেৱাৰ সৰ্বশ্ৰেষ্ঠ প্ৰমাণ

Eye donation: কথাৰে নহয় কামেৰে মানৱসেৱাৰ নিদৰ্শন দাঙি ধৰিছে কেৰালাৰ কুন্নামঙ্গলামৰ চেৰুকুলাথুৰ গাঁৱৰ ৰাইজে । ৪৫৬ গৰাকী লোকক দিছে নতুন জীৱন ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Eye Donation
কেৰালাৰ নেত্ৰদাতা গাঁও; দিছে মানৱসেৱাৰ সৰ্বশ্ৰেষ্ঠ প্ৰমাণ (ETV Bharat)

নেশ্যনেল ডেস্ক,১০ অক্টোবৰ : চকু বা নেত্ৰ বা নয়ন হৈছে মানৱ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ । হয়তো প্ৰতিগৰাকী লোকে ইয়াৰ গুৰুত্ব বুজি পায় । কিন্তু দৃষ্টিহীন লোক বা তেওঁৰ পৰিয়ালৰ বাবে এই অনুভৱ অতি বেদনাদায়ক । অৱশ্যে এই বিশ্বত তেনে লোকৰ কথা চিন্তা কৰাও বহু আছে । যাৰ বাবে নেত্ৰদানৰ দৰে কিছুমান মহান কৰ্তব্য পালন কৰি গৈছে একাংশ লোকে । প্ৰতিবছৰে অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস উদযাপন কৰা হয় । এই দিৱসটো সেইসকল মহান ব্যক্তিৰ বাবে উছৰ্গিত, যিসকলে দৃষ্টিহীন লোকক পৃথিৱীখন চোৱাৰ বাবে সহায় কৰে ।

নেত্ৰদাতা গাঁৱৰ কাহিনী

আজি বিশ্ব দৃষ্টি দিৱসৰ দিনটোত এনে এখন গাঁৱৰ কথা ক'ব বিচাৰিছো যিয়ে কেৱল দৃষ্টি দিৱস উদযাপন কৰাই নহয় এই দিৱসৰ মূল উদ্দেশ্যৰ বাবেও কাম কৰি আহিছে । গাঁওখন হৈছে কেৰালাৰ কোজিকোডৰ কুন্নামঙ্গলামৰ চেৰুকুলাথুৰ । দৃষ্টিহীন লোকৰ বাবে এক আশাৰ ৰেঙনি হৈ পৰিছে এই গাঁওখন । বিশ্ব দৃষ্টি দিৱসত গাঁওখনে নেত্ৰদানৰ উল্লেখনীয় প্ৰতিশ্ৰুতি উদযাপন কৰিছে । যাৰ মূল উদ্দেশ্য "চকু সমাধিস্থ হোৱাৰ সলনি দৃষ্টি হ'ব লাগে" ।

উল্লেখ্য যে গাঁওখনৰ ২২৮ গৰাকী আৱাসীয়ে নেত্ৰদান কৰি এতিয়ালৈ ৪৫৬ গৰাকী লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই পোৱাত সহায় কৰিছে । এই কৰ্মই আনক পৃথিৱীখন নতুনকৈ চোৱাত সহায় কৰাৰ বাবে এক শক্তিশালী সমৰ্পনক প্ৰদৰ্শন কৰিছে । ১৯৯৬ চনৰ পৰাই গাঁওখনত এই প্ৰথা চলি আছে ।

নেত্ৰদানক সন্মানৰ দৃষ্টিৰে চাই আহিছে গাঁওখনৰ ৰাইজে । গাঁৱৰ কোনো লোকৰ মৃত্যু হ'লে পৰিয়ালটোৱে প্ৰথমে মৃতকৰ চকুত কপাহ ৰাখে । আত্মীয়ক মৃত্যুৰ খবৰ দিয়াৰ পূৰ্বে তেওঁলোকে কেপি গোবিন্দনকুট্টি মেম'ৰিয়েল লাইব্ৰেৰীৰ বিষয়াসকলক অৱগত কৰে । তাৰ পিছত মৃতকৰ চকুজুৰি সংগ্ৰহ কৰিবলৈ কোজিকোড মেডিকেল কলেজ আই বেংকৰ এটা চিকিৎসকৰ দল সেই ঘৰটোত উপস্থিত হয় । যাতে তেওঁলোকে প্ৰয়োজনীয় লোকৰ বাবে সুৰক্ষিতভাৱে চকুজুৰি সংৰক্ষণ কৰি পাৰে ।

নেত্ৰদাতা গাঁও

নেত্ৰদান সমিতিৰ আহ্বায়ক টি এম চন্দ্ৰশেখৰণে গাঁওখনৰ এই মহান কৰ্মৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, "২০০০ চনৰ পূৰ্বে মাত্ৰ ৪ গৰাকী লোকে নেত্ৰদান কৰিছে । তাৰ পিছত এই সংখ্যা বাঢ়ি আহিল । সম্প্ৰতি ১,৬০০ আৱাসীয়ে নেত্ৰদানৰ সন্মতি প্ৰপত্ৰত স্বাক্ষৰ কৰিছে । এই প্ৰচেষ্টাৰ বাবে আনকি প্ৰখ্যাত লেখক এম টি বাসুদেৱন নায়াৰে আমাৰ গাঁওখনক 'নেত্ৰদাতা গাঁও'(Netradana Village) নামাকৰণ কৰিছে ।"

ভাৰতৰ প্ৰায় ২০ শতাংশ লোক দৃষ্টি সম্পৰ্কীয় সমস্যাত ভুগি থকাৰ সময়তে চেৰুকুলাথুৰৰ গাঁওবাসী এই ক্ষেত্ৰত ব্যতিক্ৰম । বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক সংখ্যক দৃষ্টিহীন লোক থকাৰ বাবে নেত্ৰদানৰ প্ৰয়োজনীয়তা অতি জৰুৰী । প্ৰতি বছৰে, ভাৰতত প্ৰায় ৫০,০০০ লোকে নেত্ৰদান কৰে । কিন্তু তাৰ তুলনাত চাহিদা বহুত বেছি । দৃষ্টি সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলক সহায় কৰিবলৈ আনুমানিক ৩ নিযুত চকুৰ প্ৰয়োজনীয়তা এতিয়াও আছে ।

চেৰুকুলাথুৰ গাঁওখন কেৱল নেত্ৰদানৰ বাবেই নহয়, দেহৰ আন আন অংগদানৰ বাবেও পৰিচিত । শেহতীয়াকৈ গাঁওখনৰ ১৫ বছৰীয়া অদিত নামৰ এগৰাকী ব্ৰেইন ডেড বুলি ঘোষণা কৰা ৰোগীৰ অংগবোৰ সফলতাৰে ৬ গৰাকী লোকৰ দেহত সংৰোপণ কৰা হৈছে ।

লগতে পঢ়ক :ৰতন টাটাৰ বাবেই আজি অসমত সহজলভ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.