ETV Bharat / sports

22 বাৰৰ গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জনকাৰী ৰাফেল নাডালৰ অৱসৰ ঘোষণা

Davis cup 2024: অচিৰেই কেৰিয়াৰৰ সামৰণি পেলাব টেনিছ তাৰকা ৰাফেল নাডালে ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে ঘোষণা কৰিছে এই কথা ৷

author img

By ETV Bharat Sports Team

Published : 4 hours ago

RAFAEL NADAL ANNOUNCES RETIREMENT
ৰাফেল নাডাল (AFP)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ: নৱেম্বৰ মাহত ডেভিছ কাপৰ ফাইনেলৰ পিছত কেৰিয়াৰৰ অন্ত পেলাবলৈ সাজু হৈছে কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডাল । 22 বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে নৱেম্বৰ মাহত মালাগাত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ ফাইনেলত স্পেইনৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰিব ৷

বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নাডালে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷ য’ত তেওঁ শেহতীয়া সংগ্ৰাম আৰু খেলৰ বাবে শাৰিৰীক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে শাৰীৰিক ক্ষতি হোৱা বুলিও উল্লেখ কৰিছিল ৷

অৱসৰৰ কথা ঘোষণা কৰি এটা ভিডিঅ’ত নাডালে কয় যে, "এই জীৱনত সকলোৰে আৰম্ভণি আৰু অন্ত থাকে । মই ভাবো যে দীঘলীয়া আৰু পূৰ্বতকৈ বহু বেছি সফল এই টেনিছ কেৰিয়াৰৰ অন্ত পেলোৱাৰ বাবে এয়াই উপযুক্ত সময় বুলি ভাবিছো" ৷

"মই অতিশয় উৎসাহিত যে, মোৰ শেষৰ প্ৰতিযোগিতাখন ডেভিছ কাপৰ ফাইনেল হ'ব ৷ য’ত মই মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম । মই ভাবো যে এজন পেছাদাৰী টেনিছ খেলুৱৈ হিচাপে মোৰ সুখ এইখিনিতে যে এই প্ৰতিযোগিতাৰ পিছৰ পৰাই মই সম্পূৰ্ণভাৱে টেনিছ জগতৰ সৈতে জড়িত হৈ পৰো ৷ 2004 ৰ ডেভিছ কাপৰ ফাইনেলখন মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল" বুলি খেলুৱৈগৰাকীয়ে সদৰী কৰে ৷

38 বছৰীয়া খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিক 2024 ৰ পিছৰে পৰা কোনোধৰণৰ পেছাদাৰী টেনিছত অংশগ্ৰহণ কৰা নাই ৷ পেৰিছত টেনিছ তাৰকাগৰাকী একক শাখাৰ দ্বিতীয় ৰাউণ্ডত পুৰণি প্ৰতিদ্বন্দ্বী ন’ভাক জুক’ভিচৰ হাতত পৰাস্ত হয় ৷ বিপৰীতে স্বদেশী সতীৰ্থ কাৰ্লেছ আলকাৰাজৰ সৈতে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ।

এছ’চিয়েশ্যন অৱ টেনিছ প্ৰফেচনেলছ (এটিপি)ৰ দ্বাৰা প্ৰকাশিত 209 সপ্তাহৰ বাবে ছাউথপাৱে এককত বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈত পৰিণত হয় ৰাফেল নাডাল ৷ সমান্তৰালকৈ পাঁচ বছৰৰ বাবে বিশ্বৰ 1নং স্থানৰ টেনিছ তাৰকাৰ তালিকাত নাম বাহাল থাকে খেলুৱৈগৰাকীৰ ৷

নাডালে অৰ্জন কৰিছে 22 টা গ্ৰেণ্ড শ্লেম পুৰুষৰ একক খিতাপ, যাৰ ভিতৰত আছে অভিলেখ 14 টা ফ্ৰেন্স অ’পেন, 2 টা অষ্ট্ৰেলিয়ান অ’পেন, দুটা উইম্বলডন আৰু চাৰিটা ইউ এছ অ’পেনৰ খিতাপ । তাৰকাগৰাকীয়ে 36 টা মাষ্টাৰ্ছ খিতাপ আৰু এটা অলিম্পিক স্বৰ্ণ পদকসহ 92 টা এটিপি পৰ্যায়ৰ একক খিতাপ জয় কৰিছে ৷ ইয়াৰে 63 টা ক্লে ক'ৰ্টৰ খিতাপ, যাৰ বাবে তেওঁক "ক্লে ক'ৰ্টৰ ৰজা" আখ্যা দিয়া হয় ৷

একক মেচত কেৰিয়াৰৰ গ’ল্ডেন শ্লেম সম্পূৰ্ণ কৰা তিনিজন পুৰুষৰ ভিতৰত নাডাল অন্যতম ৷ একেৰাহে 81 খন মেচত লাভ কৰা জয়ে টেনিছ জগতত খেলুৱৈগৰাকীক প্ৰদান কৰে সুকীয়া স্থান । ফ্ৰেন্স অ’পেনত ৰাফেল নাডালে ক্লে ক'ৰ্টত 112 খন খেল জয়ী হোৱাৰ বিপৰীতে মাত্ৰ চাৰিখন মেচতহে পৰাজয়বৰণ কৰিছিল ।

লগতে পঢ়ক: বিশ্বৰ আগশাৰীৰ 5 গৰাকী পুৰুষ টেনিছ তাৰকা; যাৰ বিলাসী জীৱনশৈলীয়ে আকৃষ্ট কৰিব আপোনাক - TOP 5 TENNIS PLAYERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.