ETV Bharat / state

দেবলাল গাৰ্লোচা মুখ্যমন্ত্ৰীৰ এ টি এম: ভূপেন বৰা

MP Rakibul Hussain: দেবলাল গাৰ্লোচা এতিয়া আৰু ৰাইজৰ প্ৰতিনিধি হৈ থকা নাই, মুখ্যমন্ত্ৰীৰ এ টি এম হৈ আছে বুলি মন্তব্য ভূপেন বৰাৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Opposition leader's statement on Umrangsu land dispute
উমৰাংচু ভূমি বিতৰ্কৰ সন্দৰ্ভত বিৰোধী নেতাৰ ভাষ্য (ETV Bharat Assam)

হাফলং,১০ অক্টোবৰ: বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচু বৰলোকিংডং গাঁৱত উপস্থিত হয় বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ধুবৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । উমৰাংচুৰ বৰলোকিংডং গাঁৱৰ যি ৯ হাজাৰ বিঘা ভূমি চৰকাৰক দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত বুজ ল'বলৈ ৰাইজক সাক্ষাৎ কৰে কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোৱে ।

বৰলোকিংডং গাঁৱৰ ৰাইজৰ লগতে আলোচনা অবিহনে ইয়াৰ ভূমিপুত্ৰসকলক উচ্ছেদ কৰি মাইনিঙৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই এই ৯ হাজাৰ বিঘা ভূমি চৰকাৰক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে ধুবৰীৰ সাংসদ ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে এনেকুৱা ব্যৱস্থা ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই ।

এনে কিছুমান ভূমিপুত্ৰ আছে যিসকলে বিভিন্ন ধৰণৰ সমস্যাত পিছপৰি আছে, তেওঁলোকক ভূমিৰ অধিকাৰ দিয়াৰ বাবে ষষ্ঠ অনুসূচীৰ অধীনত সন্নিবিষ্ট কৰা আছে যত ভূমিপুত্ৰসকলক ৰক্ষনাবেক্ষণ দিয়াৰ লগতে তেওঁলোকৰ ভূমিৰ অধিকাৰ দিয়া হয় । কিন্তু এই ভূমিপুত্ৰসকলক এতিয়া ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে হুছেইনে ।

ৰকিবুল হুছেইনে প্ৰশ্ন উত্থাপন কৰি কয়,"৯ হাজাৰ বিঘা ভূমি মুখ্যমন্ত্ৰীক কিহৰ বাবে প্ৰয়োজন ? মাইনিঙৰ নামত কিবা ষড়যন্ত্ৰ আছে নেকি ? এই বিষয়টো আমি কেৱল বিধানসভাৰ মজিয়াত নহয় দিল্লীত লোকসভাৰ মজিয়াতো উত্থাপন কৰিম । আমি কোনো অৱস্থাতেই ভূমিপুত্ৰসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ নিদিও ।" এইদৰে মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.