অসম

assam

ETV Bharat / sports

উৎসৱৰ বতৰত তলা মাৰি থৈ নাযাব আপোন ঘৰখনত; ক্ৰিকেটাৰকো নেৰিলে চোৰে - BEN STOKES HOUSE ROBBED

Ben Stokes robbery: উৎসৱৰ বতৰত বৃদ্ধি পাইছে চোৰৰ দৌৰাত্ম্য ৷ আনকি চোৰৰ কবলৰ পৰা সাৰি নগ’ল স্বয়ং ক্ৰিকেটাৰো ৷ ঘৰৰ সমস্ত বয়-বস্তু লুট ৷

Ben Stokes house robbed
ক্ৰিকেটাৰৰ ঘৰত চুৰি (AFP Photo)

By ETV Bharat Sports Team

Published : Oct 31, 2024, 1:48 PM IST

স্প’ৰ্টছ ডেস্ক: এতিয়া উৎসৱৰ বতৰ ৷ এই সময়ত মৰমৰ ঘৰখন এৰি ক’ৰবালৈ যোৱাৰ কথা ভাবিছে যদি সেয়া পৰিহাৰ কৰক ৷ কিয়নো ঘৰৰ আশে-পাশে আপোনাৰ অজ্ঞাতে পিয়াপি দি ফুৰিব পাৰে চোৰে ৷

চোৰৰ কবলৰ পৰা সাৰি নগ’ল বিখ্যাত ক্ৰিকেটাৰো ৷ এই কথা জানিলে হয়তো আপুনিও আচৰিত হৈ পৰিব ৷

এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰে শেহতীয়াকৈ টেষ্ট শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে গৈছিল পাকিস্তানলৈ ৷ ক্ৰিকেটাৰগৰাকীৰ পত্নী তথা সন্তান ঘৰত থকাৰ পিছতো চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সকলো ৷ অৱশ্যে এই ঘটনাতো কোনো লোক হতাহত হোৱা নাই ৷

পাকিস্তান ভ্ৰমণৰ সময়ত সংঘটিত হৈছিল চুৰিকাণ্ড

এই ঘটনা সংঘটিত হৈছিল 17 অক্টোবৰত ৷ সেই সময়ত ইংলেণ্ডে মুলতানত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত অংশগ্ৰহণ কৰি আছিল ৷ চোৰে ক্ৰিকেটাৰগৰাকীৰ বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে ৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷

এক্সৰ জৰিয়তে কৰিলে আবেদন

চুৰিকাণ্ডৰ এই ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ ক্ৰিকেটাৰ বেন ষ্টোকছৰ ঘৰত ৷ ক্ৰিকেটাৰগৰাকীয়ে চুৰিকাণ্ড সন্দৰ্ভত এক্সত লিখিছে এনেদৰে, "17 অক্টোবৰ বৃহস্পতিবাৰে সন্ধিয়া কেইবাজনো মুখত মাস্ক পৰিধান কৰা লোকে উত্তৰ-পূৱৰ কেচেল ইডেন অঞ্চলত থকা মোৰ ঘৰত চুৰি কৰি গহণা, অন্যান্য মূল্যৱান সামগ্ৰীৰ লগতে কেতবোৰ ব্যক্তিগত সামগ্ৰী লৈ পলাই যায় । সেই বস্তুবোৰৰ বহুতৰে মোৰ আৰু মোৰ পৰিয়ালৰ সৈতে আবেগিক সম্পৰ্ক আছে । এই কাণ্ড সংঘটিত কৰা লোকসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যিকোনো সহায়ৰ বাবে এয়া এক আবেদন" ৷

বেন ষ্টোকছৰ OBE চুৰি

ষ্টোকছে তেওঁৰ এক্স একাউণ্টত চুৰি হোৱা কিছুমান সামগ্ৰীৰ ফটো শ্বেয়াৰ কৰিছিল । সেইসমূহৰ ভিতৰত আছিল কিছু গহণা আৰু এটা ডিজাইনাৰ বেগ ৷ তাৰোপৰি আছিল ষ্টোকছক তেওঁৰ OBE ৰ বাবে দিয়া পদক । ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 2020 চনত লাভ কৰিছিল এই সন্মান, বিশেষকৈ 2019 ৰ গ্ৰীষ্মকালত কৰা এক স্মৰণীয় প্ৰদৰ্শনৰ পিছত ।

2019 চনত ষ্টোকছে ইংলেণ্ডৰ এদিনীয়া বিশ্বকাপ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে ফাইনেলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে এছেজৰ সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হেডিংলি টেষ্ট জিকিবলৈ উন্নত প্ৰদৰ্শন কৰিছিল ।

ধৰা পৰিব লাগিব চোৰ

"আমি আমাৰ মূল্যৱান সামগ্ৰী হেৰুৱাইছো ৷ সঁচাকৈয়ে এই ফটোবোৰ শ্বেয়াৰ কৰাৰ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে চুৰি হোৱা সামগ্ৰীসমূহ পুনৰুদ্ধাৰ হোৱাটো । চোৰক ধৰাৰ উদ্দেশ্যে এই পোষ্ট ৰাজহুৱা কৰা হৈছে" বুলি ক্ৰিকেটাৰগৰাকীয়ে ব্যক্ত কৰে ৷

লগতে পঢ়ক:আই পি এল 2025 ৰ বাবে ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা সম্ভাৱ্য খেলুৱৈসকল

ABOUT THE AUTHOR

...view details