স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: তিনিখন মেচৰ কাৰ্যসূচীৰে ইংলেণ্ড-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছে টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচৰ চতুৰ্থ দিনা 5 উইকেটৰ বিনিময়ত ইংলেণ্ডে জয় লাভ কৰে ৷ এই মেচত ইংলেণ্ডৰ হৈ শতক অৰ্জন কৰা জেমি স্মিথক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷
ইংলেণ্ডৰ দুৰ্বল আৰম্ভণিৰ পিছত 205 ৰাণৰ লক্ষ্য আগত লৈ জ’ ৰুটে 108 টা বলত সম্পূৰ্ণ কৰে অৰ্ধশতক । জ’ ৰুট আৰু জেমি স্মিথৰ মাজত হোৱা 64 ৰাণৰ অংশীদাৰিত্বৰ বাবে ইংলেণ্ডে অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত মেচখন জিকিবলৈ সক্ষম হয় ।
দ্বিতীয় ইনিংছত আয়োজক দলটোৱে দলীয় স্ক’ৰ 34 হওঁতে অপেনাৰ বেন ডাকেট(11 ৰাণ) ৰ উইকেটটো হেৰুৱাইছিল । তাৰপিছতে, অধিনায়ক অলি পোপেও সোনকালেই ক্ৰিজৰ পৰা বিদায় লয় । পৰৱৰ্তী সময়ত মিলান ৰাথনায়ৰ বলত এল বি ডব্লিউ হৈ ধৰাশায়ী হয় ডেন লৰেন্স(34 ৰাণ) ।