স্প’ৰ্টছ ডেস্ক: বেন ষ্টোকছ নেতৃত্বাধীন ইংলেণ্ডে 16 বছৰৰ দীঘলীয়া অপেক্ষাৰ পিছত নিউজিলেণ্ডত প্ৰথমটো টেষ্ট শৃংখলা জয়ী কৰিবলৈ সক্ষম হয় । দেওবাৰে বেচিন ৰিজাৰ্ভত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ তৃতীয় দিনা ইংলেণ্ডে ঘৰুৱা দল নিউজিলেণ্ডক 323 ৰাণত পৰাস্ত কৰে ৷
তিনিখন খেলৰ টেষ্ট শৃংখলাটোত ইংলেণ্ডে লাভ কৰে 2-0 ৰ অগ্ৰগতি ৷ শেষবাৰৰ বাবে দলটোৱে 2008 চনত নিউজিলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলা জয়লাভ কৰিছিল । অৱশ্যে ৰাণৰ ক্ষেত্ৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ এয়া সৰ্ববৃহৎ পৰাজয় ৷
হেৰী ব্ৰুক আৰু ৰুটৰ শতক
হেৰী ব্ৰুকে মেচখনৰ প্ৰথম ইনিংছত দৰ্শনীয় শতক অৰ্জন কৰি ইংলেণ্ডৰ জয়ৰ পথ প্ৰশস্ত কৰে ৷ কাৰ্চি আৰু এটকিনছনৰ বলিঙে ইংলেণ্ডক প্ৰথম ইনিংছত 155 ৰাণৰ বৃহৎ অগ্ৰগতি প্ৰদান কৰিছিল । জেকব বেথেল আৰু বাওঁহতীয়া অপেনাৰ বেন ডাকেটৰ গুৰুত্বপূৰ্ণ অৱদানে দলটোৰ জয়ৰ ভেটি স্থাপনত সহায় কৰে ।
ইয়াৰ পাছতে দ্বিতীয় ইনিংছত হেৰী ব্ৰুকৰ অৰ্ধশতক আৰু প্ৰাক্তন অধিনায়ক জ’ ৰুটৰ 36 তম টেষ্ট শতকৰে ইংলেণ্ডে মেচখনত স্থিতি দৃঢ় কৰে ৷ যাৰ বাবে নিউজিলেণ্ডে 583 ৰাণৰ বিশাল লক্ষ্য লাভ কৰে ।
আনহাতে, নিউজিলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত পঞ্চমটো শতক অৰ্জন কৰে টম ব্লুণ্ডেলে । কিন্তু ব্লুণ্ডেল আৰু নাথান স্মিথৰ অৱদানৰ বাহিৰেও বাকী কিৱি বেটছমেনসকলে যথেষ্ঠ সংগ্ৰাম কৰাৰ পিছতো মেচত জয়লাভ কৰাত ব্যৰ্থ হয় ৷
প্ৰথম ইনিংছত হেট্ৰিক এটকিনচনৰ
অধিনায়ক ষ্টোকছে 2.2 অভাৰত 5 ৰাণ খৰচ কৰিয়েই 3 টাকৈ উইকেট দখল কৰে । ক্ৰিছ ৱ'ক্স, ব্ৰাইডন কাৰ্চে আৰু ছোৱেব বছিৰে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে গাছ এটকিনচনে এটা উইকেট দখল কৰে । লক্ষণীয়ভাৱে, এটকিনচনে প্ৰথম ইনিংছত হেট্ৰিক অৰ্জন কৰি এনে কৃতিত্ব অৰ্জনকাৰী 15 নং ইংলেণ্ডৰ খেলুৱৈত পৰিণত হয় ৷ হেৰী ব্ৰুকক প্ৰথম ইনিংছত শতক আৰু দ্বিতীয় ইনিংছত অৰ্ধশতক অৰ্জন কৰাৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ৷
লগতে পঢ়ক:এডিলেইড টেষ্ট : ১৮০ ৰাণতে স্তব্ধ ভাৰতৰ প্ৰথম ইনিংছ