নতুন দিল্লী: দেশৰ বিভিন্ন প্ৰান্তত চলিছে আই পি এলৰ প্ৰস্তুতি । শীঘ্ৰেই আৰম্ভ হ'ব আই পি এল ২০২৫ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ প্ৰস্তুতিৰ মাজতেই ৰিয়ান পৰাগৰ বলত ছিক্সাৰ কোবালে এগৰাকী আমেৰিকান গায়কে । ৰিয়ানৰ বলত আমেৰিকান গায়ক এড শ্বীৰাণে ছিক্সাৰ কোবোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্য়মত ।
আই পি এল ২০২৫ আৰম্ভ হ'বলৈ কেইদিনমান থকা অৱস্থাতে আমেৰিকান গায়ক এড শ্বীৰাণে ভাৰতীয় দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হাতত বেট লৈ । এই গায়কগৰাকীয়ে গানৰ বাবে বিখ্য়াক হ'লেও এইবাৰ ভাৰতীয় দৰ্শকক আকৰ্ষণ কৰিছে হাতত ক্ৰিকেট বেট লৈ ।
আজি আমেৰিকান গায়কগৰাকীয়ে আই পি এলৰ প্ৰথম ছিজনৰ বিজয়ী ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰৰ লগতে বিগত সময়ৰ খেলুৱৈসকলক সাক্ষাৎ কৰে । এই সাক্ষাতৰ সময়তেই অনুষ্ঠিত হয় এখন মেচ । এই মেচখনত ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগৰ এটা বলত আমেৰিকান গায়কগৰাকীয়ে কোবালে ছিক্সাৰ । কেবল ৰিয়ানৰেই নহয়, আন খেলুৱৈৰো বল ঠেলি পঠিয়ালে বাউণ্ডেৰীৰ বাহিৰলৈ । তেওঁ লগতে মুকলি কৰিলে ৰাজস্থান ৰয়েলছৰ জাৰ্চী ।
এই খেলৰ এটা ভিডিঅ' ৰাজস্থান ৰয়েলছে তেওঁলোকৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত তেওঁ আৰ আৰ খেলুৱৈসকলৰ সৈতে ক্ৰিকেট খেলি থকা প্ৰত্য়ক্ষ কৰা হৈছে । আৰ আৰৰ খেলুৱৈৰ বলত আমেৰিকান গায়কগৰাকীয়ে এটাৰ পাছত আনটো দীঘলীয়া শ্বট মৰা দেখা যায় ।