অসম

assam

ETV Bharat / sports

BCCIৰ নতুন সচিব অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া - DEVAJIT LON SAIKIA

ক্ৰীড়াক্ষেত্ৰৰ পৰা আহিছে এক ভাল খবৰ ৷ BCCIৰ সচিব পদত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাবে দায়িত্ব অৰ্পন অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়াক ৷

Devajit Lon Saikia officially elected as the BCCI secretary
BCCIৰ নতুন সচিবৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 2:23 PM IST

গুৱাহাটী :অসমবাসীৰ বাবে ভাল খবৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) স্থায়ী সচিব পদত অধিষ্ঠিত হ'ল অসম সন্তান দেৱজিৎ লন শইকীয়া । বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ এই পদত অধিষ্ঠিত হয় । পূৰ্বে দেৱজিৎ লন শইকীয়া বি চি চি আইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল ।

আজি (দেওবাৰ) তেওঁক বি চি চি আই স্থায়ী সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব দিয়া হয় । বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শ‍ইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ।

অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া (ETV Bharat)

উল্লেখ্য যে, দেৱজিৎ লন শইকীয়া বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱাটো নিশ্চিত আছিল যদিও আনুষ্ঠানিক ঘোষণা বাকী আছিল । কাৰণ বি চি চি আইৰ সচিব পদত মনোনয়ন-পত্ৰ দাখিল কৰা দেৱজিৎ লন শ‍ইকীয়া আছিল একমাত্ৰ প্ৰার্থী । আনহাতে কোষাধ্যক্ষ পদতো একমাত্ৰ প্ৰভতেজ ভাটিয়াই মনোনয়ন-পত্ৰ দাখিল কৰিছিল ।

১২ জানুৱাৰী অৰ্থাৎ আজি অনুষ্ঠিত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠকত বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ লন শ‍ইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ নিৰ্বাচিত হয় ।

অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া (ETV Bharat)

উল্লেখ্য যে, জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্ৰহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল । যাৰ বাবে বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে দেৱজিৎ লন শ‍ইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল । বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল । সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰিছিল । প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে । এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া ।

এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শ‍ইকীয়া গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে ।

আজি বি চি চি আইৰ দায়িত্ব লাভৰ পাছতে দেৱজিৎ লন শইকীয়াই বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীৰ সৈতে এখন বৈঠকত মিলিত হয় । ইফালে বি চি চি আইৰ সচিবৰ দায়িত্ব লাভৰ পাছতে বিভিন্নজনে দেৱজিৎ লন শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব...

ABOUT THE AUTHOR

...view details