নতুন দিল্লী: ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ডি ৰ এখন খেল ৰে'লৱে আৰু দিল্লীৰ মাজত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল । শুকুৰবাৰে খেলখনৰ দ্বিতীয় দিনা ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকে বিৰাট কোহলীৰ বেটিং নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পায় ।
অৱশ্যে, সোঁহতীয়া তাৰকা বেটছমেনজনে তেওঁৰ সকলো অনুৰাগীক নিৰাশ কৰি মাত্ৰ 6 ৰাণতে আউট হৈ পেভিলিয়নলৈ উভতি আহে ।
6 ৰাণ সংগ্ৰহ কৰি আউট বিৰাট কোহলী
12 বছৰৰ পিছত বিৰাট কোহলীয়ে ৰঞ্জি ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ৷ কিন্তু মাত্ৰ 15 টা বলত 6 ৰাণ সংগ্ৰহ কৰি আউট হয় খেলুৱৈগৰাকী ৷ ঘৰুৱা দৰ্শকৰ হৰ্ষোল্লাস আৰু এক অনন্য পৰিৱেশৰ সন্মুখত কোহলীৰ আৰম্ভণি তেনেই দুৰ্বল আছিল ৷ ৰে'লৱেৰ ফাষ্ট বলাৰ হিমাংশু চাংৱানে কোহলীৰ অফ-ষ্টাম্প বলিং ধুমুহাৰে উৰুৱাই পেলায় ৷
কোহলীয়ে অফ চাইডত অহা এটা লেংথ বলত শ্বট খেলাৰ চেষ্টা কৰোতে বলটো কোহলীৰ বেটৰ ওপৰেৰে গৈ অফ-ষ্টাম্পত আঘাত কৰে । খেলুৱৈগৰাকীয়ে 15 টা বলত এটা চাৰিৰ সহায়ত 6 ৰাণ সংগ্ৰহ কৰে ৷