অসম

assam

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:56 PM IST

ETV Bharat / sports

২০৯ বিজয় লক্ষ্য খেদি বিপদত লক্ষ্ণৌ - Indian Premier league

IPL 2024 DC vs LSG : দিল্লী কেপিটেলছে চলিত আই পিএলৰ এখন লীগ মেচত কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৪ উইকেটৰ বিনিময়ত ২০৮ ৰাণ সংগ্ৰহ কৰে । দিল্লীৰ হৈ অভিষেক পোৰেল আৰু ট্ৰিষ্টান ষ্টাবছে অৰ্ধশতক অৰ্জন কৰে ।

IPL 2024 DC vs LSG
শ্বেই হ'প আৰু অভিষেক পোৰেলৰ ৰাণৰ বাবে দৌৰ (ANI photo)

স্পৰ্টছ ডেস্ক, ১৪ মে' : চলিত ইণ্ডিয়ান প্ৰিমিয়াম লীগৰ লীগ পৰ্যায়ৰ মেচত মঙলবাৰে দিল্লী কেপিটেলছ বিৰুদ্ধে অৱতীৰ্ণ হয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ । প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছে অৰুণ জেটলী ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ২০৮ ৰাণৰ এক প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

আনহাতে, ২০৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰম্ভণিতে বেটিং ব্যৰ্থতাৰ সন্মুখীন হ'বলগা হয় । বাতৰি যুগুতোৱাৰ সময়লৈকে এলএছজিয়ে ১০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৯৭ ৰাণ সংগ্ৰহ কৰিছে ।

উল্লেখ্য যে দিল্লীৰ হৈ অপেনাৰ অভিষেক পোৰেল (৩৩ টা বলত ৫৮ ৰাণ) আৰু ট্ৰিষ্টান ষ্টাবছে (২৫ টা বলত ৫৭ নট আউট) অৰ্ধশতক অৰ্জন কৰে । তেওঁলোকৰ অৰ্ধ শতকৰ সহায়ত বিশ্বৰ অন্যতম গ্লেমাৰাছ এই লীগৰ চলিত সংস্কৰণত পুনৰ এবাৰ ২০০ ৰাণৰ সীমা পাৰ কৰে দিল্লীয়ে । দিল্লীৰ বেটছমেনসকলৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বলাৰসকলে বলিঙত নিয়ন্ত্ৰণ ৰখাত ব্যৰ্থ হোৱা পৰিলক্ষিত হয় ।

উল্লেখ্য যে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।

দল দুটা

দিল্লী কেপিটেলছ (মূল একাদশ) : অভিষেক পোৰেল, জেক ফ্ৰেজাৰ-মেকগগাৰ্ক, শ্বেই হ'প, ঋষভ পণ্ট (উইকেটৰক্ষক/অধিনায়ক), ট্ৰিষ্টান ষ্টবছ, অক্ষৰ পেটেল, গুলবদিন নাইব, ৰাশিখ দাৰ ছালাম, মুকেশ কুমাৰ, কুলদীপ যাদৱ, খলিল আহমেদ ।

ইম্পেক্ট ছাবষ্টিটিউট : ঈশান্ত শৰ্মা, কুমাৰ কুশাগ্ৰা, প্ৰবীণ ডুবে, স্বস্তিক চিকাৰা, ললিত যাদৱ ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (মূল একাদশ) : কে এল ৰাহুল (অধিনায়ক), কুইন্টন ডি কক (উইকেটৰক্ষক), মাৰ্কাছ ষ্টইনিছ, দীপক হুডা, নিকোলাছ পুৰাণ, ক্ৰুণাল পাণ্ডিয়া, যুধবীৰ সিং চৰক, আৰ্শাদ খান, ৰবি বিষ্ণই, নবীন-উল-হক, মহছিন খান ।

ইম্পেক্ট ছাবষ্টিটিউট : মণিমাৰাণ সিদ্ধাৰ্থ, দেৱদত্ত পাডিক্কাল, আয়ুষ বাডোনি, প্ৰেৰক মানকাড, কৃষ্ণাপ্পা গৌতম ।

লগতে পঢ়ক :ঘৰুৱা খেলপথাৰ বুলি বেছি ভাবি থকা নাই; ৰিয়ান পৰাগ - IPL 2024

ABOUT THE AUTHOR

...view details