নিউজ ডেস্ক, 3 এপ্ৰিল:দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আইপিএলৰ 16 সংখ্যক মেচখন । খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কলকাতা নাইট ৰাইডাৰ্ছে । অপেনাৰ ছল্টে 18 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে সুনীল নাৰিনে 39 টা বলত 85 ৰাণৰ এটা বিস্ফোৰক ইনিংছ খেলে । নাৰিনে 7 টা চাৰি আৰু 7 টা ছিক্সাৰ কোবায় । অংকৃশ ৰঘুবংশীয়ে 27 টা বলত 5 টা চাৰি আৰু 3 টা ছিক্সাৰৰ সহায়ত 54 ৰাণৰ বৰঙণি যোগায় ।
একেদৰে বিস্ফোৰক বেটছমেন ৰাছেলে 19 টা বলত 4 টা চাৰি আৰু 3 টা ছিক্সাৰৰ সহায়ত 41 ৰাণ কৰাৰ বিপৰীতে ৰিংকু সিঙে 8 টা বলত 3 টা ছিক্সাৰ আৰু 1 টা চাৰিৰ সহায়ত 26 ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত 20 অভাৰত কলকাতাই 7 উইকেটৰ বিনিময়ত 272 ৰাণ কৰে আৰু দিল্লীক জয়ৰ বাবে 273 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ পূৰ্বে আই পি এলৰ একেটা ছিজনতে হায়দৰাবাদে মুম্বাইৰ বিৰুদ্ধে সংগ্ৰহ কৰা 277 ৰাণৰ পিচত কলকাতাৰ এই ৰাণ হৈছে দ্বিতীয় সৰ্বাধিক টাৰ্গেট । দিল্লীৰ হৈ নৰ্টেজে 3 টা, ইশান্ত শৰ্মাই 2 টা, খলিল আৰু মাৰ্শ্বে 1 টাকৈ উইকেট দখল কৰে ।