অসম

assam

ETV Bharat / sports

ধোনীৰ আগ্ৰাসী ইনিংছেও প্ৰতিহত কৰিব নোৱাৰিলে IPL ৰ চলিত ছিজনত চেন্নাইৰ প্ৰথমটো পৰাজয় - DC vs CSK IPL 2024 - DC VS CSK IPL 2024

DC VS CSK IPL 2024 : IPL ৰ চলিত ছিজনত প্ৰথমটো পৰাজয় সোৱাদ পালে যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ৷ প্ৰথম দুখন খেলত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা হালধীয়া দলটোক 20 ৰাণত পৰাস্ত কৰি জয়ৰ একাউণ্ট খুলিলে দিল্লী কেপিটেলছে ৷ 2024 ত প্ৰথমবাৰ হাতত বেট তুলি লৈ এক আক্ৰমণাত্মক ইনিংছ খেলিলেও দলক বিজয়ৰ সীমাৰেখা পাৰ কৰোৱাত সফল নহ’ল মহেন্দ্ৰ সিং ধোনী ৷ নিৰ্ধাৰিত 20 অভাৰত 192 ৰাণৰ লক্ষ্য আগত লৈ 171 ৰাণতে থমকি ৰ’ল চি এছ কে ৷

DC VS CSK IPL 2024 LIVE
দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছৰ যুঁজ

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:38 PM IST

Updated : Apr 1, 2024, 7:25 AM IST

স্পৰ্টছ ডেস্ক, 31 মাৰ্চ :দেওবাৰে বিশাখাপট্টনমত অনুষ্ঠিত আই পি এল 2024 ৰ ত্ৰয়োদশ মেচত সমুখ সমৰত অৱতীৰ্ণ হয় দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ ৷ খেলখনত 20 ৰাণত জয়ী হ’ল ঋষভ পন্তৰ দল ৷ জয়ৰ একাউণ্ট খোলাৰ উদ্দেশ্যেৰে দ্বিতীয়খন ঘৰুৱা খেলপথাৰত নামিছিল দিল্লী কেপিটেলছ ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ঋষভ পন্ট নেতৃত্বাধীন দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 191 ৰাণ ৷ ইয়াৰ বিপৰীতে 192 ৰাণৰ পম খেদি 171 ৰাণতে থমকি ৰ’ল পইন্টেৰে তালিকাৰ শীৰ্ষ স্থানত থকা চেন্নাই ছুপাৰ কিংছ ৷ আনহাতে চলিত ছিজনত ইয়াৰ পূৰ্বে নিজৰ দুয়োখন খেলতে পৰাজয় বৰণ কৰা কেপিটেলছে পালে জয়ৰ প্ৰথমটো সোৱাদ ৷

192 ৰাণৰ লক্ষ্যৰ পিছ লৈ আৰম্ভণিতে উজুটি খায় চি এছ কেই ৷ ব্যক্তিগত 1 আৰু 2 ৰাণ কৰি সোনকালেই পেভেলিয়নমুখী হয় দুই প্ৰাৰম্ভিক বেটছমেন ৰুতুৰাজ গায়কৱাড় আৰু ৰাচিন ৰবীন্দ্ৰ ৷ তাৰ পিচত দলৰ মিডিল অৰ্ডাৰ বেটছমেন অজিংক্য ৰাহানে আৰু ডেৰেল মিচেলে খেলখন চলাই লৈ যোৱাৰ অভিপ্ৰায়েৰে খেলি গৈ থাকে যদিও 10.2 অভাৰত দলীয় স্কোৰ 75 হওঁতে ডেৰেল মিচেল ব্যক্তিগত 34 ৰাণত আউট হয় ৷ তাৰ পিচত 13.3 অভাৰত 102 ৰাণৰ দলীয় স্কোৰত অজিংক্য ৰাহানেও 45 ৰাণ কৰি আউট হোৱাত সমস্যাৰ পৰে যোৱাবাৰৰ বিজয়ী দলটো ৷ অন্তিম চাৰি অভাৰত 72 ৰাণৰ প্ৰয়োজন থকা অৱস্থাত শিৱম দুবেৰ উইকেট পতনৰ পিচত চলিত ছিজনত প্ৰথমবাৰৰ বাবে বেট হাতত লৈ ক্ৰীজলৈ পদাৰ্পণ কৰে মহেন্দ্ৰ সিং ধোনীয়ে ৷ কিন্তু 16 টা বলত 3 টা ছয় আৰু 4 টা বাউণ্ডেৰীৰে অপৰাজিত 37 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলিও দলক পৰাজয় পৰা ৰক্ষা কৰিব নোৱাৰিলে বৰ্ষীয়ান খেলুৱৈগৰাকীয়ে ৷ নিৰ্ধাৰিত 20 অভাৰত 192 ৰাণৰ লক্ষ্য আগত লৈ 171 ৰাণতে থমকি ৰয় চি এছ কে ৷ আনটো মূৰত 17টা বলত 21 ৰাণ কৰি নট আউট থাকে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা ৷

দিল্লীৰ হৈ মুকেশ কুমাৰে 3 অভাৰত 21 ৰাণ দি 3 টা উইকেট লোৱাৰ বিপৰীতে খলিল আহমেদে 4 অভাৰত 21 ৰাণ দি দুটা উইকেট দখল কৰে ৷ নিজৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে খলিল আহমেদে লাভ কৰে প্লেয়াৰ অফ দ্য মেচৰ সন্মান ৷

ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 191 ৰাণ ৷ দলৰ হৈ ডেভিদ ৱাৰ্ণাৰে সাৰ্বাধিক 52 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক ঋষভ পন্টে 32 টা বলত 51 ৰাণ সংগ্ৰহ কৰে ৷ পৃথ্বী শ্বই সংগ্ৰহ কৰে 43 ৰাণ ৷ চেন্নাইৰ হৈ মথিছা পাথিৰানাই সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ তুষাৰ দেশপাণ্ডেই 2 টা আৰু মুস্তাফিজুৰ ৰহমানে 1 টা উইকেট দখল কৰে ৷

দিল্লী কেপিটেলছৰ মূল একাদশ-

পৃথ্বী শ্ব’, ডেভিদ ৱাৰ্নাৰ, মিচেল মাৰ্শ, ঋষভ পন্ত (অধিনায়ক আৰু উইকেটকীপাৰ), ট্ৰিষ্টান ষ্টাবছ, অভিষেক প’ৰেল, অক্ষৰ পেটেল, এনৰিক নৰ্কে, মুকেশ কুমাৰ, ঈশান্ত শৰ্মা, খলিল আহমেদ ৷

চেন্নাই ছুপাৰ কিংছৰ মূল একাদশ-

ৰুতুৰাজ গায়কৱাড় (অধিনায়ক), ৰাচিন ৰবীন্দ্ৰ, অজিংক্য ৰাহানে, ডেৰেল মিচেল, ৰবীন্দ্ৰ জাডেজা, সমীৰ ৰিজভী , এম এছ ধোনী (উইকেট কীপাৰ), দীপক চাহাৰ, তুষাৰ দেশপাণ্ডে, মথিছা পাথিৰানা, মুস্তাফিজুৰ ৰহমান ৷

লগতে পঢ়ক :গুজৰাটৰ সন্মুখত ১৬৩ ৰাণৰ লক্ষ্য হায়দৰাবাদৰ - SRH Vs GT IPL

Last Updated : Apr 1, 2024, 7:25 AM IST

ABOUT THE AUTHOR

...view details