স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ:ক্ৰিকেটত এনে এক সময় আছিল, যেতিয়া বেটছমেনে অধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে বলাৰসকলে গুৰুত্বপূৰ্ণ উইকেট দখল কৰাত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ অৱশ্যে এই দুয়োটা কাম নিয়াৰিকৈ কৰিব জনা অলৰাউণ্ডাৰসকলৰ ওপৰত নাছিল কোনো হেঁচা ।
অৱশ্যে সময়ৰ লগে লগে ক্ৰিকেট জগতত ঘটে বহু পৰিৱৰ্তন ৷ ক্ৰিকেট জগতত এনে কেইগৰাকীমান খেলুৱৈ আছে, যিয়ে শতক অৰ্জন কৰিব নোৱাৰিলেও স্থাপন কৰিছে আন এক অভিলেখ ৷ সেয়া হৈছে শতক অবিহনে ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ ৷ সেই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন-
শ্বেন ৱাৰ্ণ (অষ্ট্ৰেলিয়া): অষ্ট্ৰেলিয়াৰ কিংবদন্তি স্পিনাৰ শ্বেন ৱাৰ্ণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অবিহনেই সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । তেওঁ 339 খন মেচৰ 306 ইনিংছত সংগ্ৰহ কৰিছে 4,172 ৰাণ । য’ত আছে 13 টা অৰ্ধশতক ৷ 145 খন টেষ্ট মেচত 3,154 ৰাণ সংগ্ৰহ কৰে ৱাৰ্ণে । 2001 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে শ্বেন ৱাৰ্ণৰ সৰ্বোচ্চ স্ক’ৰ আছিল 99 ৰাণ । 194 খন এদিনীয়া খেলত অংশগ্ৰহণ কৰি ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 1,018 ৰাণ ৷
কলিন্স অবুয়া (কেনিয়া): কেনিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ কলিন্স অবুয়াই 179 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 159 ইনিংছত সংগ্ৰহ কৰে 3786 ৰাণ । দুটা দশকৰো অধিক সময় খেলা সত্ত্বেও ক্ৰিকেটাৰগৰাকীয়ে কেতিয়াও অৰ্জন কৰিব পৰা নাছিল শতক ৷ কিন্তু খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰিছে 20 টা অৰ্ধশতক ৷ অবুয়াই 104 খন এদিনীয়া মেচত সংগ্ৰহ কৰিছে 2,044 ৰাণ ৷ তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক স্ক’ৰ হৈছে 98* ৷ 75 খন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰিছে 1,742 ৰাণ, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল 96*।