সৰুপথাৰ, 31 জুলাই:টকিঅ' অলিম্পিকত পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই বুধবাৰে পেৰিছ অলিম্পিকৰ 75 কেজি মহিলা শাখাৰ বক্সিং ৰিঙত অৱতীৰ্ণ হ’ব ৷ দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনাৰ বাবে অসম কন্যাগৰাকীয়ে লাভ কৰিছে আন এক সুযোগ ।
আজি বিয়লি 3.50 মিনিটত বক্সিং ৰিঙত অৱতীৰ্ণ হ’ব অসমৰ লাভলীনা ৷ লাভলীনাই নৰৱে‘ৰ বক্সাৰ ছুন্নিভা হফষ্টেডৰ বিৰুদ্ধে খেলিব প্ৰথমখন খেল । ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৃহ চহৰতো দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা । সৰুপথাৰতো শুভেচ্ছামূলক অনুষ্ঠান ‘গ' ফ’ৰ গ’ল্ড লাভলীনা’ শুভেচ্ছামূলক বাক্যৰে বিভিন্নজনে শুভেচ্ছা প্ৰদান কৰিছে লাভলীনাক ।
লাভলীনা সন্দৰ্ভত ক’বলৈ গৈ অলিম্পিক বিজয়ীগৰাকীৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, "মই আশা কৰো যে আজিৰ খেলখনত লাভলীনাই ভাল প্ৰদৰ্শন কৰিব আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব ৷ লগতে লাভলীনা যে দুবাৰকৈ অলিম্পিকৰ বাবে নিৰ্বাচিত হৈছে তাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো ৷ সেয়া অসমবাসীৰ লগতে ভাৰতবাসীৰ বাবেও এক গৌৰৱৰ বিষয় ৷ দুবাৰকৈ অলিম্পিক খেলাটো ইমান সহজ নহয় ৷ তাই পেৰিছ অলিম্পিকলৈ মনোনীত হোৱাৰ পাচতে সোণৰ মেডেল যাতে লাভ কৰিব পাৰে তাৰে লক্ষ্য বান্ধি লৈছিল বুলি মোৰ আগত কৈছিল ৷ তাইৰ আশা বাস্তৱত পৰিণত হওঁক ৷"