অসম

assam

By ETV Bharat Sports Team

Published : Aug 22, 2024, 7:54 PM IST

ETV Bharat / sports

কাউণ্টি চেম্পিয়নশ্বিপৰ পৰা বাদ পৰিল চেতেশ্বৰ পূজাৰা: কোনে ল’লে পূজাৰাৰ স্থান - CHETESHWAR PUJARA

Cheteshwar Pujara: ভাৰতৰ টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰাক অহা বছৰ দেখিবলৈ নাপাব কাউণ্টি চেম্পিয়নশ্বিপত ৷ ইংলিছ ক্লাবে তেওঁক সকাহ দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছত এই খালী ঠাই পূৰণ কৰিব অষ্ট্ৰেলিয়াৰ বেটছমেন ডেনিয়েল হিউজেছে ৷

CHETESHWAR PUJARA
চেতেশ্বৰ পূজাৰা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: একেৰাহে 3 বছৰ ধৰি কাউণ্টি ক্ৰিকেটত সফলতাৰ অংশ হৈ থকা চেতেশ্বৰ পূজাৰাক অহা বছৰত এই খেলত অংশগ্ৰহণ কৰা দেখা নাযাব । ক্লাবটোৱে 2025 চনৰ কাউণ্টি চেম্পিয়নশ্বিপৰ বাবে অষ্ট্ৰেলিয়াৰ বেটছমেন ডেনিয়েল হিউজেছ আৰু কেৰিবিয়ান ফাষ্ট বলাৰ জাইডেন চিলেছক দুজন বিদেশী খেলুৱৈ হিচাপে অন্তৰ্ভুক্ত কৰিছে ।

হিউজেছ এই বছৰ চাচেক্সৰ অংশ আছিল আৰু দলটোৰ চেম্পিয়নশ্বিপ মেচৰ লগতে টি-20 ত বিস্ফোৰক ইনিংছ খেলা দেখা গৈছিল । আটাইতকৈ ডাঙৰ কথাটো হ'ল যে, সমগ্ৰ ছিজনৰ বাবে উপলব্ধ হ’ব খেলুৱৈগৰাকী । একে সময়তে চিলেছ কাউণ্টি চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডৰ বাবে উপলব্ধ হ'ব ।

হিউজে এই বছৰ টি-20 ত বিস্ফোৰক ইনিংছেৰে চাচেক্সৰ হৈ সংগ্ৰহ কৰে 560 ৰাণ ৷ খেলুৱৈগৰাকীয়ে এই সময়ছোৱাত 5 টা অৰ্ধশতকৰ সহায়ত এই ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়, য’ত তেওঁৰ গড় আছিল 43.07 । তেওঁ এই ছিজনত দলটোৰ অন্তিম পাঁচখন কাউণ্টি মেচৰ বাবেও উপলব্ধ হ’ব, য’ত তেওঁৰ দলে দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ উন্নীত হ’বলৈ সংগ্ৰাম অব্যাহত ৰাখিছে ।

চাচেক্সৰ মুখ্য প্ৰশিক্ষক পল ফাৰ্ব্ৰেচে কয়, "এইটো এটা কঠিন সিদ্ধান্ত আছিল, কিন্তু ডেন(হিউজেছ) আমাৰ সমীকৰণৰ সৈতে নিখুঁতভাৱে খাপ খায় ৷ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ সমগ্ৰ ছিজনৰ বাবে উপলব্ধ হ'ব । তেওঁ তেওঁৰ অভিজ্ঞতা ড্ৰেছিং ৰুমলৈ আনিছে আৰু ইয়ে যুৱ বেটছমেনসকলক তেওঁলোকৰ খেল উন্নত কৰাত সহায় কৰিব" ।

পূজাৰাই এই বছৰ চাচেক্সৰ হৈ প্ৰথম সাতখন চেম্পিয়নশ্বিপ মেচ খেলিছিল । তাৰপিছত হিউজক তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৷

লগতে পঢ়ক:তিনি স্তম্ভৰ বাবেই সম্ভৱ হ’ল বিশ্বকাপৰ খিতাপ: কাৰ কথা ক’লে ৰোহিত শৰ্মাই - 3 PILLARS OF INDIAN CRICKET TEAM

ABOUT THE AUTHOR

...view details