অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও চেম্পিয়ছ ট্ৰফী খেলিবলৈ উভতিব পাৰে ৱাৰ্ণাৰ - David Warner retirement

David Warner retirement: অৱশেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিলে অষ্ট্ৰেলিয়ান বেটছমেন ডেভিদ ৱাৰ্ণাৰে । ইনষ্টাগ্ৰামৰ এটা পোষ্টত ক্ৰিকেটাৰগৰাকীয়ে ঘোষণা কৰে । অৱশ্যে আগন্তুক চেম্পিয়ছ ট্ৰফী খেলাৰ ইচ্ছাও ব্যক্ত কৰে ৱাৰ্ণাৰে ।

By ANI

Published : Jul 9, 2024, 12:13 PM IST

David Warner retirement
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্তৰ ইংগিত ৱাৰ্ণাৰৰ (ANI)

স্পৰ্টছ ডেস্ক, ৯ জুলাই:আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা অৱশেষত নিশ্চিত কৰিলে অষ্ট্ৰেলিয়ান বেটছমেন ডেভিদ ৱাৰ্ণাৰে । অৱশ্যে অহা বছৰ আইচিচি চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়ান দললৈ উভতি অহাৰ দুৱাৰো মুকলি ৰাখিলে ৱাৰ্ণাৰে । উল্লেখ্য যে যোৱা বছৰত কিছু অংশত ৱাৰ্ণাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল । ২০২৩ চনৰ ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই খেল টেষ্ট শৃংখলাৰ অন্তত ৱাৰ্ণাৰে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লৈছিল ।

যোৱা বছৰ ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ পিচত ৱাৰ্ণাৰে ৫০ অভাৰৰ ফৰ্মেটৰ পৰাও অৱসৰৰ ঘোষণা কৰিছিল । যোৱা মাহত চুপাৰ-৮ পৰ্যায়তে টি-২০ বিশ্বকাপৰ অভিযান সামৰা অষ্ট্ৰেলিয়াৰ বেটছমেন ৱাৰ্ণাৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সমাপ্ত কৰিছিল । কিন্তু ৱাৰ্ণাৰে ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে নিজকে উপলব্ধ ৰাখিছে । তেওঁ ইনষ্টাগ্ৰামত পোষ্টত উল্লেখ কৰে যে তেওঁ কিছু সময়ৰ বাবে ফ্ৰেঞ্চাইজী ক্ৰিকেট খেলা অব্যাহত ৰাখিব আৰু দলে বাছনি কৰিলে তেওঁ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়াৰ হৈ খেলিবলৈও সাজু আছে ।

ৱাৰ্ণাৰে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, "অধ্যায়ৰ সামৰণি !! ইমান দীঘলীয়া সময়ৰ বাবে সৰ্বোচ্চ পৰ্যায়ত খেলাটো এটা অবিশ্বাস্য অভিজ্ঞতা । অষ্ট্ৰেলিয়া মোৰ দল আছিল । মোৰ কেৰিয়াৰৰ বেছিভাগ সময় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছিল । এয়া এক সন্মানৰ বিষয় । সকলো ফৰ্মেটত ১০০ৰো অধিক ইনিংছ মোৰ হাইলাইট । যাৰ বাবে এয়া সম্ভৱ হ'ল মই সকলোকে ধন্যবাদ জনাইছো । মোৰ পত্নী আৰু মোৰ কন্যা, যিয়ে ইমান ত্যাগ কৰিছিল, আপোনালোকৰ সকলো সমৰ্থনৰ বাবে আপোনাক ধন্যবাদ ।" পোষ্টটোত তেওঁ অনুৰাগীসকলকো ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৱাৰ্ণাৰে টেষ্ট ফৰ্মেটত ১১২ খন খেল খেলিছে । ৪৪.৬ গড়ত তেওঁ ৮৭৮৬ ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত ৱাৰ্ণাৰৰ ২৬ টা শতক আৰু ৩৭ টা অৰ্ধশতক আছে । টি-২০ ফৰ্মেটত ৱাৰ্ণাৰে ১১০ খন মেচ খেলিছে য'ত ৩৩.৪ গড়ত ৩২৭৭ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত খেলুৱৈগৰাকী ষ্ট্ৰাইক ৰেট হৈছে ১৪২.৫ । টি-২০ ফৰ্মেটত ৱাৰ্ণাৰৰ এটা শতক আৰু ২৮ টা অৰ্ধ-শতক অন্তৰ্ভুক্ত আছে । এদিনীয়া ফৰ্মেটত ৱাৰ্ণাৰে ৪৫.৩ গড়ত ৬৯৩২ ৰাণ সংগ্ৰহ কৰিছে । এই ফৰ্মেটত ৱাৰ্ণাৰৰ ২২ টা শতক আৰু ৩৩ টা অৰ্ধশতক আছে ।

লগতে পঢ়ক :শ্ৰীলংকা ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাবে নিৰ্বাচিত সনথ জয়সূৰ্য - IND vs SL

ABOUT THE AUTHOR

...view details