অসম

assam

শ্ৰেয়ছ আয়াৰৰ ব্যৱহাৰে জিনিলে অনুৰাগীৰ হৃদয়: ৰোহিত শৰ্মাক এৰি দিলে নিজৰ আসন - CEAT CRICKET AWARDS 2024

By ETV Bharat Sports Team

Published : Aug 22, 2024, 5:06 PM IST

Rohit Sharma and Shreyas Iyer: মুম্বাইত অনুষ্ঠিত চিয়েট ক্ৰিকেট ৰেটিং শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা ৷ বুধবাৰে অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ক্ৰিকেট জগতৰ সৈতে জড়িত আন আন খেলুৱৈসকলে ৷ পিছে আন এক দৃশ্যইহে দৃষ্টি কাঢ়ি নিলে সকলোৰে ৷ সামাজিক মাধ্যমত ইতিমধ্যে দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই বিশেষ দৃশ্যৰ ভিডিঅ’। জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

CEAT CRICKET AWARDS 2024
ৰোহিত শৰ্মা আৰু শ্ৰেয়ছ আয়াৰ (Screengrabs from video shared by Naveen 45 @ImNaveenDhiman on his X handle)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় চিয়েট বাৰ্ষিক ক্ৰিকেট বঁটা প্ৰদান অনুষ্ঠান ৷ য’ত ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক প্ৰদান কৰা হয় "লাইফটাইম এচিভমেণ্ট এৱাৰ্ড" ৷ আনহাতে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক "পুৰুষৰ শাখাত বছৰটোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ" ৰ বঁটা প্ৰদানৰ লগতে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক "বছৰটোৰ(পুৰুষ) এদিনীয়া বেটছমেন" শীৰ্ষক বঁটা প্ৰদান কৰা হয় ।

অৱশ্যে, ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য শ্ৰেয়ছ আয়াৰে আন এক কাৰণৰ বাবেহে অনুষ্ঠানটোত উপস্থিত থকা সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ।

আয়াৰ-ৰোহিতৰ বিশেষ ভিডিঅ’ ভাইৰেল

এই বঁটা প্ৰদান অনুষ্ঠানৰ এক বিশেষ মুহূৰ্তৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ যি ভিডিঅ’ই লাখ লাখ ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ ভিডিঅ’টোত দেখা পোৱা অনুসৰি, পূৰ্বৰে পৰা অনুষ্ঠিত উপস্থিত থকা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য শ্ৰেয়ছ আয়াৰে অধিনায়ক ৰোহিত শৰ্মা উপস্থিত হোৱাৰ লগে লগে নিজৰ আসনখন এৰি বহিবলৈ অনুৰোধ জনায় ৷ আয়াৰৰ এই ভংগিমা ৰোহিত শৰ্মাই হাঁহিমুখে গ্ৰহণ কৰে যদিও আয়াৰৰ সন্মুখতে থকা নিজৰ আসনখনত বহে ভাৰতৰ অধিনায়কগৰাকী ৷

সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে প্ৰশংসাৰে উপচাই পেলাই আয়াৰক ৷ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছিল, "ৰোহিত শৰ্মা আৰু শ্ৰেয়ছ আয়াৰৰ খেলপথাৰত আৰু বাহিৰত এক সুন্দৰ বন্ধুত্বমূলক সম্পৰ্ক আছে । তেওঁলোকৰ বন্ধুত্বই দলটোলৈ ইতিবাচকতা আনিছে আৰু এয়া দেখা পোৱাতো সদায় আনন্দদায়ক" ৷

আন এজনে এইদৰে লিখিছিল, "ইয়াৰ শীৰ্ষত আছে ব্ৰাদাৰহুড(ভাতৃত্ব) । যুৱ আৰু জ্যেষ্ঠ খেলুৱৈসকলৰ সৈতে ৰোহিত শৰ্মাৰ সম্পৰ্ক বহুত ভাল" ।

আয়াৰৰ "আউটষ্টেণ্ডিং লিডাৰশ্বিপ" বঁটা লাভ

শ্ৰেয়ছ আয়াৰে চিয়েট বঁটা প্ৰদান অনুষ্ঠানত লাভ কৰে ষ্টাৰ স্প’ৰ্টছ টি-20 নেতৃত্ব বঁটা ৷ ইয়াৰ লগে লগে আই পি এলৰ ফাইনেলত দুটাকৈ দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অধিনায়কত পৰিণত হয় ক্ৰিকেটাৰগৰাকী ।

সোঁহতীয়া বেটছমেনজনে এই বছৰৰ আৰম্ভণিতে কলকাতা নাইট ৰাইডাৰ্ছক দলটোৰ তৃতীয়টো আই পি এল খিতাপ অৰ্জন কৰাত সহায় কৰিছিল ৷ তেওঁ আই পি এলৰ 17 বছৰত প্ৰথমগৰাকী অধিনায়কত পৰিণত হয়, যিয়ে দুটা পৃথক দলক ফাইনেলত উপনীত কৰাত সহায় কৰে ৷ কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বে আয়াৰে 2020 চনত দিল্লী কেপিটেলছক আই পি এল সংস্কৰণৰ ফাইনেলত উপনীত কৰাত সহায় কৰিছিল ৷

লগতে পঢ়ক:তিনি স্তম্ভৰ বাবেই সম্ভৱ হ’ল বিশ্বকাপৰ খিতাপ: কাৰ কথা ক’লে ৰোহিত শৰ্মাই - 3 PILLARS OF INDIAN CRICKET TEAM

ABOUT THE AUTHOR

...view details