স্প’ৰ্টছ ডেস্ক, 13 আগষ্ট:২০২৪ চনৰ পেৰিছ অলিম্পিক শেষ হোৱাৰ পাচতো সমগ্ৰ ভাৰতবৰ্ষই এটা ৰূপৰ পদকৰ বাবে অপেক্ষা কৰি আছে । পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণাৰ বাবে বিনেশ ফোগাটৰ আবেদন সন্দৰ্ভত সিদ্ধান্ত ঘোষণা কৰাৰ সময়সীমা ১৬ আগষ্টলৈ পিছুৱাই দিছে CAS এ । আজি ফোগাটৰ লগতে সমগ্ৰ ভাৰতে CASৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰ বাবে আৰু ৩ দিন অপেক্ষা কৰিব লাগিব বিনেশ ফোগাটে ।
CAS এ কয় যে, অলিম্পিক গেমছৰ বাবে CAS নিয়মৰ 18 নং অনুচ্ছেদ প্ৰয়োগ কৰি CAS Ad Hoc Division ৰ সভাপতিয়ে পেনেলে সিদ্ধান্ত লোৱাৰ সময়সীমা 16 আগষ্ট 2024 তাৰিখে 18:00 বজালৈকে (পেৰিছৰ সময়) বৃদ্ধি কৰিছে । এই সিদ্ধান্তৰ পিছত বিনেশ ফোগাটকে ধৰি সকলো ভাৰতীয়ই আৰু বেছি সময় অপেক্ষা কৰিব লাগিব ।
ওজন ১০০ গ্ৰাম বেছি আছিল
উল্লেখ্য যে বিনেশ ফোগাটক ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে চূড়ান্ত মেচৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে IOA CAS ত সংযুক্ত ৰূপৰ পদক দাবী কৰিছিল । ইয়াৰ পিছত CAS এ বিনেশৰ শুনানিৰ বাবে কৰা আবেদন মানি লৈছিল । এতিয়া শুনানি সমাপ্ত হোৱাৰ পিছত এই চূড়ান্ত সিদ্ধান্ত আহিছে ।
বিনেশৰ আগত ন্যায় পালে বাৰ্বোছুৱে