অসম

assam

ETV Bharat / sports

এডিলেইডত ব্ৰেডমেনৰ 76 বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰাৰ সুযোগ বিৰাট কোহলীৰ সমুখত - AUS VS IND 2ND TEST

আন্তৰ্জাতিক ক্ৰিকেটত বিৰাট কোহলী এখন ভ্ৰমণকাৰী দেশত বেটছমেনৰ সৰ্বাধিক শতকৰ ছাৰ ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰাৰ দুৱাৰডলিত।

ETV Bharat
বিৰাট কোহলী-ফাইল চিত্ৰ (এপি)

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 4:49 PM IST

পাৰ্থ (অষ্ট্ৰেলিয়া) : তাৰকা ভাৰতীয় বেটছমেন বেটাৰ বিৰাট কোহলী টেষ্ট ক্ৰিকেটত ছাৰ ডন ব্ৰেডমেনৰ এক অভিলেখ ভংগ কৰাৰ পথত। ভাৰতে 6 ডিচেম্বৰত এডিলেইড অভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হোৱাৰ লগে লগে সোঁহতীয়া বেটাছমেনজনে ৰেকৰ্ড বুকত তেওঁৰ নাম লিখিবলৈ সুযোগ পাব।

ব্ৰেডমেন বৰ্তমানে ভ্ৰমণকাৰী দেশত এগৰাকী বেটছমেনৰ দ্বাৰা সৰ্বাধিক আন্তৰ্জাতিক শতকৰ অভিলেখৰ অধিকাৰী। ব্ৰেডমেনৰ নামত 1930 চনৰ পৰা 1948 চনৰ ভিতৰত ইংলেণ্ডত খেলা 19 খন খেলত 11 টা শতক আছে।

ইয়াৰ তুলনাত কোহলীয়ে 2011 চনত ৰঙা বলৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে অষ্ট্ৰেলিয়াৰ মাটিত 43 খন খেলত লৈ অংশ লৈ 10 টা শতক অৰ্জন কৰিছে। জেক হ’বছ (অষ্ট্ৰেলিয়াত 9 টা শতক), শচীন তেণ্ডুলকাৰ (শ্ৰীলংকাত 9 টা শতক), ছাৰ ভিভিয়ান ৰিচাৰ্ডছ (ইংলেণ্ডত 8 টা শতক) আৰু সুনীল গাভাস্কাৰৰ নামো (ৱেষ্ট ইণ্ডিজত 7 টা শতক) এই তালিকাত অন্তৰ্ভুক্ত ।

কোহলীয়ে অষ্ট্ৰেলিয়াৰ মাটিত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি এতিয়ালৈ 54.20 গড়ৰ সৈতে 2710 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে যাৰ ভিতৰত আছে 169 ৰাণৰ শীৰ্ষ স্ক'ৰ যিটো তেওঁ 2014 চনৰ ডিচেম্বৰত ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত সংগ্ৰহ কৰিছিল।

কোহলীয়ে সদ্যসমাপ্ত পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত অপৰাজিত ১০০ ৰাণ সংগ্ৰহৰ জৰিয়তে এক সুন্দৰ ইনিংছ উপহাৰ দিছিল যিয়ে খেলখনত ভাৰতৰ স্থিতি মজবুত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পিছতেই ভাৰতীয় বলাৰসকলে ঘৰুৱা দলটোৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিক সৰোগত কৰি ভ্ৰমণকাৰী দলটোক বিজয়লক্ষ্যত উপনীত হোৱাত সহায় কৰিছিল।

স্মৰ্তব্য যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ৩৬ বছৰীয়া খেলুৱৈজনে নিজৰ ফৰ্মৰ সৈতে যুঁজি আছিল। পিছে পাৰ্থত কোহলীৰ শতকে ভাৰতীয় দলটোক স্বস্তিৰ নিশ্বাস পেলোৱাত সহায় কৰিব পাৰে কিয়নো তেওঁলোকৰ এজন জ্যেষ্ঠ বেটছমেনে, দল বিজয়ী হোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লগতে পঢ়ক:টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন তাৰকা বেটছমেনৰ; এডিলেইডত অনুষ্ঠিত টেষ্টত কৰিব অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details