স্প’ৰ্টছ ডেস্ক: বদৌচা কাপ ২০২৪ শীৰ্ষক আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্টৰ সফল সমাপ্তি ৷ তিনিচুকীয়া জিলাৰ ডিগবৈৰ জুবলী খেলপথাৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷
প্ৰতিযোগিতাখনৰ 16 তম সংস্কৰণৰ ফাইনেল খেলখন অনুষ্ঠিত হয় সোমবাৰে নিশা ৷ কেইবাসহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচখন জুভিনেল এফ চি মণিপুৰ বনাম এ এছ ই বি গুৱাহাটীৰ মাজত অনুষ্ঠিত হয় ৷
ডিগবৈৰ জুবলী খেলপথাৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা (ETV Bharat Assam) নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰোমাঞ্চকৰ খেলখনৰ ফলাফল অমীমাংসিত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে এ এছ ই বি গুৱাহাটীক মেচৰ বিজয়ী ঘোষণা কৰা হয় ৷ এ এছ ই বিয়ে জুভিনেল এফ চি মণিপুৰৰ ফুটবল দলটোক 5-4 গ’লত পৰাস্ত কৰে ৷
মেচৰ শেষত দুয়োটা দলকে ক্ৰমে 3 লাখ আৰু দুই লাখ টকাসহ ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে আয়োজক সমিতিয়ে । উল্লেখ্য যে, সোমবাৰৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল মেচখন উদ্বোধন কৰে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী মন্ত্ৰী সঞ্জয় কিষাণে ৷ মন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷
মেচখন উদ্বোধন কৰি মন্ত্ৰী সঞ্জয় কিষাণে কয়, "বদৌচা কাপ আয়োজক সমিতিৰ লগতে ইয়াত জড়িত থকা সকলো ব্যক্তিকে ধন্যাবদ ৷ আজি 16 টা বছৰে এই প্ৰতিযোগিতাখন অতি সুন্দৰকৈ অনুষ্ঠিত কৰা হৈ আহিছে" ৷
10 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টখনত সহায়-সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলৰ লগতে প্ৰতিগৰাকী ফুটবলপ্ৰেমীলৈ ফাইনেলৰ শেষত ধন্যবাদ জনাই বদৌচা কাপৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু উদ্যোক্তাসকলে ।
লগতে পঢ়ক:বৰপেটা জিলা আয়ুক্তই মুকলি কৰিলে খেল মহাৰণৰ কাৰ্যসূচী