অসম

assam

ETV Bharat / sports

টি-20 বিশ্বকাপৰ বাবে পাকিস্তানলৈ নাযায় টীম ইণ্ডিয়া; অনুমতি নিদিলে বৈদেশিক মন্ত্ৰালয়ে - BLIND T20 WORLD CUP 2024

T20 World Cup 2024: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় দলটোক টি-20 বিশ্বকাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলৈ প্ৰদান কৰা নাই অনুমতি ৷

Blind T20 World Cup 2024
ব্লাইণ্ড টি-20 বিশ্বকাপ 2024 (IANS PHOTO)

By ETV Bharat Sports Team

Published : Nov 20, 2024, 7:27 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ প্ৰভাৱ ক্ৰীড়াৰ ওপৰত পৰা দেখা গৈছে । ভাৰতে নিজৰ ক্ৰিকেট দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে । যাৰ বাবে পাকিস্তানে আয়োজন কৰিবলগীয়া টি-20 বিশ্বকাপ 2024 ভাৰতীয় দলৰ অবিহনে অনুষ্ঠিত হ’ব ।

ব্লাইণ্ড টি-20 বিশ্বকাপৰ পৰা প্ৰত্যাহাৰ ভাৰতৰ নাম

23 নৱেম্বৰৰ পৰা 3 ডিচেম্বৰলৈ পাকিস্তানে ব্লাইণ্ড টি-20 বিশ্বকাপ 2024 আয়োজন কৰাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ প্ৰত্যাহাৰ কৰিছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দলটোক পাকিস্তান ভ্ৰমণৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে । যাৰ বাবে এই প্ৰতিযোগিতাত ভাৰতে অংশগ্ৰহণ নকৰাটো নিশ্চিত হৈ পৰিছে ৷

পাকিস্তানলৈ নিজৰ দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ

ভাৰতৰ অন্ধ ক্ৰিকেট দলে পাকিস্তানলৈ যাবলৈ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছে এন অ' চি । অৱশ্যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় দলটোক দেশখনলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰদান কৰা নাই অনুমতি ৷ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট এছ'চিয়েছনৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ যাদৱে এই বিষয়ে প্ৰকাশ কৰে ।

ইফালে, পাকিস্তানে অহা বছৰ চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব । বি চি চি আইয়ে ইতিমধ্যে আই চি চি-ক তেওঁলোকৰ দলটো চুবুৰীয়া দেশখনলৈ ভ্ৰমণ নকৰাৰ বিষয়ে স্থিতি স্পষ্ট কৰিছে । সমান্তৰালকৈ হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীত ভাৰতৰ মেচ অনুষ্ঠিত কৰিবলৈও পাকিস্তানক পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ কিন্তু বৰ্তমান সময়লৈকে পি চি বি এি কথাত সন্মত হোৱা নাই । এই সকলোবোৰৰ মাজতে অন্ধ বিশ্বকাপৰ পৰা ভাৰতৰ প্ৰত্যাহাৰ আলোচনাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক:বেকফুটত বি চি চি আই ! চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত পাকিস্তানে লাভ কৰিলে এইখন দেশৰ সমৰ্থন

ABOUT THE AUTHOR

...view details