অসম

assam

By ETV Bharat Sports Team

Published : Sep 5, 2024, 4:03 PM IST

ETV Bharat / sports

আপুনি খেলুৱৈ নেকি ? তেন্তে আপোনাক সুস্থ কৰি ৰাখিব এইকেইবিধ ফলে - BEST FRUITS FOR PLAYERS

Players health: স্বাস্থ্য অটুট ৰখাত ফল-মূলে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ বিশেষকৈ খেলুৱৈসকলে ফিট হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে ফল ৷ পিছে সকলোবোৰ ফলে একেধৰণে শক্তি প্ৰদান কৰেনে ? নে খেলুৱৈসকল সুস্থ হৈ থাকিবলৈ নিৰ্দিষ্ট কিছুমান ফল গ্ৰহণ কৰাৰ দৰকাৰ ? পঢ়ক আমাৰ এই প্ৰতিবেদন-

BEST FRUITS FOR PLAYERS
সকলোবোৰ ফলত পোৱা নাযায় সকলো উপাদান (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ:খেলুৱৈসকলে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে ফল ৷ যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পুষ্টি লাভ কৰিব পাৰে ৷

সাধাৰণতে ফলত নিহিত হৈ থাকে কাৰ্ব’-হাইড্ৰেট, ফাইবাৰ, ভিটামিন, খনিজ, ফাইট’কেমিকেল আৰু এণ্টি অক্সিডেণ্ট ৷ যিবোৰ উপাদানে খেলুৱৈসকলক তেওঁলোকৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে । এনেবোৰ কাৰণৰ বাবেই খেলুৱৈসকলে নিতৌ নিজৰ খাদ্য তালিকাত অন্যান্য খাদ্যৰ লগতে অন্তৰ্ভুক্ত কৰে ফল ৷

বিৰাট, ৰ’নাল্ডো আৰু মেছিৰ দৰে আন খেলুৱৈসকলেও গ্ৰহণ কৰে ফল

ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ খাদ্য তালিকাৰ বিষয়ে প্ৰকাশ কৰিছিল ৷ "মই সতেজ আৰু বতৰৰ ফল যেনে- তৰমুজ, অমিতা আৰু ড্ৰেগন ফল গ্ৰহণ কৰিবলৈ ভালপাওঁ" বুলি সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছিল বিৰাটে । ইয়াৰ লগতে বিৰাটে তেওঁৰ খাদ্য তালিকাত নেমু অন্তৰ্ভুক্ত কৰাৰ কথাও সদৰী কৰিছিল ৷

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ নয়ন মংগিয়াই এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ কি খাব বিচাৰে প্ৰথমে সেয়া সিদ্ধান্ত লয় । অধিকাংশ খেলুৱৈয়ে বেছিভাগ ফল বা প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰে, য’ৰ পৰা তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ কাৰ্ব-হাইড্ৰেট লাভ কৰে ৷

পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ৰান্ধনী লুইছ লাভৰাডুৰে এক সাক্ষাৎকাৰত কৈছিল যে, "জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে সতেজ ফলৰ লগতে ফলৰ ৰস গ্ৰহণ কৰিবলৈহে ভালপায় । ৰ’নাল্ডোই সাধাৰণতে আপেল আৰু আনাৰসৰ দৰে ফল গ্ৰহণ কৰে । যিয়ে তেওঁক শক্তি প্ৰদান কৰে আৰু সম্পূৰ্ণ পৰিমাণৰ কাৰ্ব’-হাইড্ৰেটো যোগান ধৰে ৷

আন এগৰাকী জনপ্ৰিয় তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ ডায়েটিচিয়ানে তেওঁ সতেজ ফলৰ লগতে শুকান ফল গ্ৰহণ কৰি ভালপায় বুলি এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল ৷ খেলুৱৈগৰাকীয়ে বিশেষকৈ পৰ্যাপ্ত ভিটামিন পোৱাৰ প্ৰতি লক্ষ্য ৰাখে । অৱশ্যে সকলোবোৰ ফলতে সকলো উপাদান পোৱা নাযায় ৷

খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এনে কেইবিধমান ফলৰ বিষয়ে উল্লেখ কৰি যুগুত কৰা হৈছে এই প্ৰতিবেদন-

  1. কল: কলৰ পৰা খেলুৱৈসকলে সম্পূৰ্ণ পৰিমাণে কাৰ্ব’হাইড্ৰেট লাভ কৰে । যিটো তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপকাৰী । এটা কলত প্ৰায় 31 গ্ৰাম কাৰ্ব’হাইড্ৰেট, 3.5 গ্ৰাম ফাইবাৰ, বহু প্ৰকাৰৰ ভিটামিন, খনিজ আৰু এণ্টি অক্সিডেণ্ট থাকে । দৈনন্দিন কল গ্ৰহণে খেলুৱৈসকলৰ শৰীৰক বিভিন্ন ধৰণে সহায় কৰে ।
  2. বেৰী আৰু চেৰী: খেলুৱৈসকলে এই ফলবোৰ গ্ৰহণ কৰি আঁহ, ভিটামিন, খনিজ আৰু ফাইট’কেমিকেল লাভ কৰিব পাৰে ৷ ইয়াক চালাড হিচাপে অথবা দৈৰ সৈতে মিহলি কৰি খোৱা হয় । এইবোৰে শৰীৰক সম্পূৰ্ণ পৰিমাণে পুষ্টি প্ৰদান কৰে ।
  3. কমলা, আঙুৰ আৰু নেমু: স্বাস্থ্য অটুট ৰাখিবলৈ খেলুৱৈসকলে কমলা, আঙুৰ আৰু নেমু গ্ৰহণ কৰিব পাৰে । ভিটামিন চি-ৰে সমৃদ্ধ এই ফলবোৰে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ পুষ্টি প্ৰদান কৰে ।
  4. আনাৰস, আম আৰু অমিতা: এই ফলবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰাটোৱে খেলুৱৈসকলক সৰ্বাধিক পুষ্টি প্ৰদান কৰিব পাৰে । যিবোৰে খেলুৱৈসকলক তেওঁলোকৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে ৷
  5. ডালিম: এইবিধ ফলত যথেষ্ট পৰিমাণৰ আঁহ, ভিটামিন আৰু খনিজ থাকে । তদুপৰি ডালিমত এণ্টি অক্সিডেণ্ট আৰু পলিফেনল থাকে, যিয়ে খেলুৱৈসকলৰ শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণ কৰে ৷ লগতে তেওঁলোকৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে ।
  6. কিৱি: এইবিধ ফল খেলুৱৈসকলৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস হিচাপে গণ্য কৰা হয় । এই ফলবোৰ পুষ্টি আৰু ফাইট’কেমিকেলৰে পৰিপূৰ্ণ । ইয়াত ভিটামিন এ, চি, ই-ৰ লগতে পটাছিয়াম, তাম আৰু আঁহ থাকে ৷ যি খেলুৱৈসকলৰ স্বাস্থ্য মজবুত কৰি ৰখাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে ।
  7. চিৰাল আৰু তৰমুজ: চিৰাজ হৈছে ভিটামিন, খনিজ আৰু এণ্টি অক্সিডেণ্টৰ এক সুন্দৰ সংমিশ্ৰণ । আনহাতে, তৰমুজে খেলুৱৈসকলৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে, কিয়নো এটা তৰমুজত প্ৰায় 90% পানী থাকে । এই দুয়োটা ফল খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
  8. আপেল: এই ফলবিধে খেলুৱৈসকলক ভিটামিন, খনিজ আৰু আঁহজাতীয় উপাদান প্ৰদান কৰে । ইয়াত ফাইট’কেমিকেল পোৱা যায় । ইয়াৰ লগতে, আপেলত পানীৰ পৰিমাণ অধিক, অৰ্থাৎ প্ৰায় 85% পানীৰে পৰিপূৰ্ণ হৈ থাকে এইবিধ ফল ৷ যিবোৰ খেলুৱৈসকলৰ স্বাস্থ্যৰ বাবে লাভজনক ।
  9. শুকান ফল বা বাদাম: খেলুৱৈসকলৰ বাবে শুকান ফল যেনে- কিচমিচ, খেজুৰ, প্লাম, ডিমৰু, কাঠবাদাম আৰু কাজু হৈছে সঠিক বিকল্প । এই শুকান ফলবোৰে খেলুৱৈসকলৰ পুষ্টিৰ অভাৱ পূৰণ কৰে । এই শুকান ফলবোৰত কাৰ্ব’হাইড্ৰেট, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ লগতে ফাইট’কেমিকেল আৰু এণ্টি অক্সিডেণ্ট থাকে, যি খেলুৱৈসকলৰ স্বাস্থ্য অটুট ৰখাৰ বাবে অতি উপকাৰী ।

এথলীটছ আৰু খেলুৱৈসকলৰ বাবে উপকাৰী ফল-

  • কল
  • জাম
  • চেৰী
  • কমলা
  • আঙুৰ
  • নেমু
  • আনাৰস
  • আম
  • অমিতা
  • কিৱি
  • চিৰাল
  • আপেল

শুকান ফল -

  • কিচমিচ
  • খেজুৰ
  • পাৰ্চী প্লাম
  • ডিমৰু
  • বাদাম
  • কাজু বাদাম

লগতে পঢ়ক: সৰ্বাধিক কৰদাতা তাৰকাৰ তালিকাত বিৰাট কোহলী, এম এছ ধোনী: শীৰ্ষ 20 ৰ বাহিৰত ৰোহিত শৰ্মা - MOST TAX PAYER CRICKETER

ABOUT THE AUTHOR

...view details