স্পৰ্টছ ডেস্ক, 18 মে’ : ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে এই পদৰ বাবে বি চি চি আইয়ে আবেদন আহ্বান কৰিছে ৷ এনে পৰিস্থিতিত এই পদৰ বাবে সন্মুখলৈ আহিছে বহু ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ নাম ৷ ESPNcricinfo ৰ এক প্ৰতিবেদন অনুসৰি গৌতম গম্ভীৰ এই পদৰ বাবে বি চি চি আই (BCCI) ৰ প্ৰথম পচন্দ ৷ মুখ্য প্ৰশিক্ষকৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰুৰ কাষ চাপিছে বি চি চি আই ৷
প্ৰতিবেদন অনুসৰি আই পি এল 2024 সম্পূর্ণ হোৱাৰ পাছত আৰু অধিক আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ 27 মে’, অৰ্থাৎ আই পি এলৰ ফাইনেলৰ এদিন পিচত ৷ ইয়াৰ পূৰ্বে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে দ্বিতীয়বাৰৰ বাবে এই পদত অধিষ্ঠিত হ’বলৈ অস্বীকাৰ কৰিছে ৷
উল্লেখ্য যে, গৌতম গম্ভীৰৰ মেণ্টৰশ্বিপত আই পি এলৰ দলসমূহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ৷ কলকাতা এৰি যোৱা দুবছৰ ধৰি লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ গুৰু হৈ আছিল গম্ভীৰ ৷ দুয়ো বছৰে লক্ষ্ণৌ দলে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু এবাৰ ফাইনেল খেলিছিল ৷ এইবাৰ তেওঁ পুনৰ কলকাতালৈ ঘূৰি আহে আৰু চলিত ছিজনত কলকাতাই প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ আনহাতে যোৱা দুবছৰ ধৰি কলকাতা দলটো শীৰ্ষ চাৰিটো নাছিল ৷ অৱশ্যে এইবাৰ লক্ষ্ণৌৱে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৷