স্প'ৰ্টছ ডেস্ক, 20 জুন : ভাৰতীয় ক্ৰিকেট দলৰ ঘৰুৱা ছিজনৰ সময়সূচী ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে । বাংলাদেশ ভ্ৰমণৰ জৰিয়তে ভাৰতৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব । ইয়াৰ পিচত নিউজীলেণ্ডে ৩ খন মেচৰ টেষ্ট ছিৰিজৰ বাবে ভাৰত ভ্ৰমণ কৰিব । তাৰ পিচত ২০২৫ চনৰ আৰম্ভণিতে ইংলেণ্ড দলে ভাৰত ভ্ৰমণ কৰিব । ভাৰত আৰু ইংলেণ্ডৰ মাজত ধাৰাবাহিকভাৱে ৫ খন টি-২০ মেচ আৰু ৩ খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।
বাংলাদেশৰ ভাৰত ভ্ৰমণ: ছেপ্টেম্বৰ মাহত বাংলাদেশৰ ভাৰত ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব টীম ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজন । ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ২ খন টেষ্ট মেচ আৰু ৩ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলিব । ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন টেষ্ট । চেন্নাইত খেলোৱা হ’ব এই মেচখন ৷ আনহাতে কানপুৰত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । ইয়াৰ পিচত ৬, ৯ আৰু ১২ অক্টোবৰত ক্ৰমে ধৰমশালা, দিল্লী আৰু হায়দৰাবাদত ৩ খন টি-২০ মেচ অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক:ছুপাৰ-৮ মেচৰ পূৰ্বে ভাৰতীয় তাৰকা বেটছমেন সন্দৰ্ভত ডাঙৰ মন্তব্য আফগান খেলুৱৈৰ - T20 World Cup 2024
নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণ: বাংলাদেশৰ পিচত নিউজীলেণ্ডে ভাৰত ভ্ৰমণ কৰিব । নিউজীলেণ্ডৰ বিৰুদ্ধে ৩ খন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হ’ব । এই শৃংখলাৰ প্ৰথমখন টেষ্ট ১৬ অক্টোবৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব । ইয়াৰ পিচত ২৪-২৮ অক্টোবৰৰ ভিতৰত পুনেত দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ’ব । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ১-৫ নৱেম্বৰৰ ভিতৰত অন্তিম তথা তৃতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ।