নতুন দিল্লী :দেওবাৰে কুৱালালামপুৰত অনুষ্ঠিত অনূৰ্ধ্ব ১৯ আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ভাৰতীয় কিশোৰীৰ দলটো । ইফালে এই বিশ্ব খিতাপ জয়ৰ পিছতে ভাৰতীয় দলটোৰ বাবে ৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আয়ে ।
উল্লেখ্য যে অধিনায়ক নিকি প্ৰসাদৰ নেতৃত্বাধীন ভাৰতীয় দলটো সমগ্ৰ প্ৰতিযোগিতাখনতে অপৰাজেয় হৈ ৰয় । দলটোৱে এই বিশ্ব চেম্পিয়নশ্বিপত এক অসাধাৰণ খেল প্ৰদৰ্শন কৰে । ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখনত এক নিৰ্ভীক দৃষ্টিভংগীৰে খেলপথাৰত নামি আধিপত্য বিস্তাৰ কৰে আৰু দেওবাৰে একপক্ষীয় ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি পুনৰ খিতাপ দখল কৰে ।
বি চি চি আইৰ ৫ কোটি নগদ ধনৰ পুৰস্কাৰ ঘোষণা
ভাৰতীয় দলটোৰ এই প্ৰদৰ্শনত অভিভূত বি চি চি আয়ে খেলুৱৈসকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে । বি চি চি আয়ে জাৰি কৰা এক বিবৃতিত কয়, "মালয়েছিয়াত অনুষ্ঠিত আই চি চি অনূৰ্ধ্ব-১৯ মহিলা টি-২০ বিশ্বকাপ, ২০২৫ত সফলতাৰে নিজৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে বি চি চি আয়ে ভাৰতীয় অনূৰ্ধ্ব-১৯ মহিলা দলটোক অভিনন্দন জনাইছে ।"
বিবৃতিটোত লগতে কোৱা হৈছে, "এই উল্লেখখনীয় সফলতাক সন্মান জনোৱাৰ উদ্দেশ্যে বি চি চি আয়ে মুখ্য প্ৰশিক্ষক নুছিন আল খাদিৰ আৰু তেওঁৰ সহায়ক কৰ্মচাৰীৰ নেতৃত্বৰ বিজয়ী দলটোৰ বাবে নগদ ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।"