স্পৰ্টছ ডেস্ক, ২২ জুন :অহা জুলাইত ভাৰতৰ নয়ডাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আফগানিস্তান আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা । আফগানিস্তানে আয়োজন কৰিব এই দুয়োটা ফৰ্মেটৰ শৃংখলা । এক প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে এই ক্ষেত্ৰত অনুমোদন জনাইছে । যাৰ ফলত ভাৰতত আফগানিস্তান আৰু বাংলাদেশৰ মাজত টি-২০ আৰু এদিনীয়া খেল অনুষ্ঠিত হ'ব ।
এদিনীয়া শৃংখলা ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব, আনহাতে টি-২০ শৃংখলাৰ খেলবোৰ ২-৬ আগষ্টৰ ভিতৰত হ'ব । আনহাতে বাংলাদেশে ৭ আগষ্টত ভাৰতৰ পৰা প্ৰস্থান কৰিব । ৪ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত আফগানিস্তানে গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পথিক ক্ৰীড়া কমপ্লেক্সত তেওঁলোকৰ ঘৰুৱা মেচ খেলিবলৈ উভতি আহিব ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) জুলাই-আগষ্ট মাহত ৩ খন এদিনীয়া আৰু টি-২০ খেল আয়োজন কৰিবলৈ অনুমোদন জনাইছে । খবৰ অনুসৰি বাংলাদেশ ক্ৰিকেট দলটো ২২ জুলাইত গ্ৰেটাৰ নয়ডাত উপস্থিত হ'ব আৰু এদিনীয়া শৃংখলাত যোগদান কৰাৰ পূৰ্বে কিছুদিনৰ বাবে প্ৰশিক্ষণত অংশ ল'ব ।