স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ:বাংলাদেশ ক্ৰিকেট দলৰ এগৰাকী অন্যতম অভিজ্ঞ খেলুৱৈয়ে মঙলবাৰে টি 20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । 3 বছৰ পূৰ্বে ক্ৰিকেটৰ আটাইতকৈ পুৰণি ফৰ্মেট টেষ্টৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল এইগৰাকী ক্ৰিকেটাৰে ৷
ভাৰত-বাংলাদেশৰ মাজত চলি থকা শৃংখলাটোৱে হ’ব ক্ৰিকেটাৰগৰাকীৰ কেৰিয়াৰৰ অন্তিমটো টি 20 আন্তঃৰাষ্ট্ৰীয় শৃংখলা । বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰদান কৰে প্ৰাক্তন অধিনায়কগৰাকীয়ে ।
সংবাদমেলত বাংলাদেশৰ হৈ সৰ্বাধিক টি 20 মেচ খেলা ক্ৰিকেটাৰগৰাকীয়ে পৰিয়ালৰ সৈতে হোৱা আলোচনামৰ্মে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে ৷
এই সন্দৰ্ভত ক্ৰিকেটাৰগৰাকীয়ে এনেদৰে কয়, "ভাৰতলৈ অহাৰ পূৰ্বে মই মোৰ সিদ্ধান্তৰ বিষয়ে ব’ৰ্ডক অৱগত কৰিছিলো । হায়দৰাবাদত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি 20 মেচ হ’ব চুটি ফৰ্মেটত মোৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ" ।