অসম

assam

By ANI

Published : Mar 10, 2024, 7:21 PM IST

Updated : Mar 10, 2024, 9:33 PM IST

ETV Bharat / sports

পেৰিছ অলিম্পিকৰ অৰ্হতাৰ দৌৰৰ পৰা বাহিৰ বজৰং পুনিয়া আৰু ৰবি দহিয়া

Paris Olympics qualification: মল্লযুঁজাৰুৰ প্ৰতিবাদৰ নেতৃত্ব লোৱা বজৰং পুনিয়া পেৰিছ অলিম্পিকৰ অৰ্হতাত অংশগ্ৰহণৰ পৰা বাহিৰ হয় । পুনিয়া আৰু ৰবি দাহিয়াই দেওবাৰে আগন্তুক আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টৰ বাবে বাছনি পৰীক্ষণত পৰাজয়ৰ সন্মুখীন হয় ।

Paris Olympics qualification
পেৰিছ অলিম্পিকৰ অৰ্হতাৰ দৌৰৰ পৰা বাহিৰ বজৰং পুনিয়া আৰু ৰবি দহিয়া

স্পৰ্টছ ডেস্ক,১০ মাৰ্চ : তাৰকা ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়া আৰু ৰবি দাহিয়াই দেওবাৰে আগন্তুক আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টৰ বাবে বাছনি পৰীক্ষণত পৰাজয়ৰ সন্মুখীন হয় । ইয়াৰ লগে লগে দুয়োগৰাকী মল্লযুঁজাৰু পেৰিছ অলিম্পিকৰ অৰ্হতাত অংশগ্ৰহণৰ পৰা বাহিৰ হয় । বজৰং আৰু ৰবিয়ে পূৰ্বৱৰ্তী টকিঅ' অলিম্পিক গেমছত পদক অৰ্জন কৰিছিল । অৱশ্যে, এইবাৰ তেওঁলোকে বাছনিৰ পৰীক্ষণ অতিক্ৰম কৰাত ব্যৰ্থ হয় ।

ৰোহিত কুমাৰৰ বিৰুদ্ধে ৬৫ কিলোগ্ৰাম পুৰুষৰ ফ্ৰীষ্টাইল ছেমিফাইনেল মেচখনত বজৰঙে ১-৯ পইণ্টৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় । ৰবীন্দ্ৰৰ বিৰুদ্ধে সংকীৰ্ণ জয়ৰ পিচত বজৰঙে ছেমিফাইনেল মেচখনত নিজৰ স্থান অৰ্জন কৰে । অন্যথা তেওঁ বাছনি পৰীক্ষণৰ প্ৰথমখন মেচতে বাহিৰ হ'লহেঁতেন ।

আনহাতে, দাহিয়াই আঘাতৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পিচতো প্ৰভাৱ পেলাব নোৱাৰিলে । তেওঁ ট্ৰায়েলৰ আৰম্ভণি মেচত আমানৰ বিৰুদ্ধে ১৩-১৪ পইণ্টৰ ব্যৱধানত পৰাজিত হয় । দ্বিতীয়খন খেলত, দাহিয়াই উদিতৰ বিৰুদ্ধে ট্ৰায়েলৰ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হয় । বজৰং আৰু ৰবিৰ পৰাজয়ে তেওঁলোকক পেৰিছ অলিম্পিক ২০২৪ৰ অৰ্হতা ৰাউণ্ডত অংশগ্ৰহণ কৰাত বাধা দিব ।

ইফালে, ট্ৰায়েলত বিজয়ীসকলে এছিয়ান আৰু বিশ্ব অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ ১১ ৰ পৰা ১৬ এপ্ৰিললৈ অনুষ্ঠিত হ'ব, আনহাতে এছিয়ান অলিম্পিক কোৱালিফায়াৰ ১৯ ৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হ'ব ৷ ইয়াৰ পূৰ্বে এক বিজ্ঞপ্তিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ এড-হক কমিটিয়ে প্ৰকাশ কৰিছিল যে ইতিমধ্যে পেৰিছ অলিম্পিকৰ কোটা লাভ কৰা অণ্টিম পাংঘালে ২০২৪ চনৰ এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ পোনপটীয়া প্ৰৱেশ লাভ কৰিব ।

লগতে পঢ়ক :আইচিচিৰ সকলো ফৰ্মেটতে ভাৰত শীৰ্ষস্থানত

Last Updated : Mar 10, 2024, 9:33 PM IST

ABOUT THE AUTHOR

...view details