অসম

assam

ETV Bharat / sports

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে ল’লে অৱসৰ; এতিয়াৰে পৰা দলক দিব প্ৰশিক্ষণ

Cricketer Matthew Wade: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সন্মুখত ডাঙৰ বিপদ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা দলটোৰ এগৰাকী তাৰকা ক্ৰিকেটাৰৰ ।

MATTHEW WADE ANNOUNCES RETIREMENT
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ একাংশ (AFP Photo)

By ETV Bharat Sports Team

Published : Oct 29, 2024, 2:46 PM IST

স্প’ৰ্টছ ডেস্ক:চলিত বৰ্ষৰ 22 নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ খেলসমূহ ৷ যাৰ বাবে 5 খন মেচৰ টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই ।

কিন্তু, এই বহু প্ৰতীক্ষিত শৃংখলাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সন্মুখত দেখা দিছে এক ডাঙৰ বিপদে ৷ অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ মেথিউ ৱেডে ঘোষণা কৰিছে অৱসৰ ।

মেথিউ ৱেডৰ অৱসৰ

অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন মেথিউ ৱেডে 13 বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৷ খেলুৱৈগৰাকীয়ে 225 খন মেচত অংশগ্ৰহণ কৰি স্থাপন কৰিছে কেইবাটাও অভিলেখ ৷

পাকিস্তানৰ বিৰুদ্ধে আগন্তুক টি-20 শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলৰ সৈতে যোগদান কৰিব ৱেডে ৷ অৱশ্যে তেওঁ অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে দলটোৰ সৈতে উপস্থিত থাকিব ।

অব্যাহত ৰাখিব বিগ বেছ লীগত অংশগ্ৰহণ

অষ্ট্ৰেলিয়াৰ হৈ 36 খন টেষ্ট মেচ, 97 খন এদিনীয়া আৰু 92 খন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা ৱেডে ঘৰুৱা ক্ৰিকেট আৰু লীগত তেওঁৰ অংশগ্ৰহণ অব্যাহত ৰাখিব । বগা বলৰ ক্ৰিকেটত তাচমানিয়াৰ হৈ খেলাৰ লগতে বিগ বেছ লীগত হ’বাৰ্ট হাৰিকেনৰ হৈ খেলিব ক্ৰিকেটাৰগৰাকীয়ে ।

টি-20 বিশ্বকাপ 2021 ৰ জয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা

ৱেডে 2021 চনত অষ্ট্ৰেলিয়াৰ উদ্বোধনী টি-20 বিশ্বকাপত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । ছেমি ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে 17 টা বলত 41 ৰাণৰ ইনিংছটো আছিল তেওঁৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ ৷ যিয়ে দলটোৰ জয় নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

বিগত 4-6 মাহ ধৰি আছিল চৰ্চাত

ৱেডে cricket.com.au কৈছিল, "মই আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিম । যোৱা তিনি বা চাৰি বছৰত, প্ৰতিটো ভ্ৰমণ বা প্ৰতিটো বিশ্বকাপত, এইবিষয়ে আলোচনা কৰা হৈছে । যোৱা ছয় মাহত বা যোৱা বিশ্বকাপৰ শেষৰ পৰা জৰ্জ বেইলী (মুখ্য নিৰ্বাচক) আৰু ৰনি (প্ৰশিক্ষক এণ্ড্ৰিউ মেকডনাল্ড) ৰ সৈতে মোৰ বাৰ্তালাপ সঁচাকৈয়ে মসৃণ হৈছে" ৷

প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব ৱেড

মেথিউ ৱেডে শীতকালত তাচমানিয়ান যুৱ আৰু অন্যান্য একাদশ দলক প্ৰশিক্ষণ দি আহিছে ৷ এই ভূমিকাই ৱেডক নতুন প্ৰশিক্ষণৰ কাৰ্যকালত সহায় কৰিব পাৰে । তেওঁ কয় যে, "যোৱা কেইবছৰমান ধৰি প্ৰশিক্ষণ মোৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে ৷ সুখৰ কথা যে মই কিছুমান ভাল সুযোগ পাইছো, যাৰ বাবে মই অতি কৃতজ্ঞ আৰু উৎসাহিত" ৷

লগতে পঢ়ক:পাকিস্তানৰ বিৰুদ্ধে অধিনায়ক অবিহনেই দল ঘোষণা অষ্ট্ৰেলিয়াৰ

ABOUT THE AUTHOR

...view details