সৰুপথাৰ, 29 আগষ্ট:তামিলনাডু কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ 2024 ত অসম কন্যাৰ সাফল্য ৷ এই সাফল্য কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই ৷ লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াৰ পিছত নিশামণি বৰাৰ এই কৃতিত্বত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সৰুপথাৰবাসী ৷
তামিলনাডুত 25 আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ 2024 ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সৰুপথাৰৰ নিশামণি বৰাই ৷ সাগৰৰ বুকুত দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰা যুৱ খেলুৱৈগৰাকীয়ে অৱশেষত বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈ জয় কৰে স্বৰ্ণপদক ৷ ইয়াৰ লগে লগে কাইট ব’ৰ্ডি শাখাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী চেইলৰত পৰিণত হয় নিশামণি ৷
উল্লেখ্য যে, বিগত সময়চোৱাত ছেইলিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ নিশামণিয়ে INWTC ৰ উদ্যোগত গোৱাত অনুষ্ঠিত ইণ্ডিয়ান নেভী অ’পেন উইণ্ড চাৰ্ফিং চেম্পিয়নশ্বীপতো অংশগ্ৰহণ কৰিছিল ৷ খেলুৱৈগৰাকীয়ে উক্ত প্ৰতিযোগিতাতো লাভ কৰিছিল সোণৰ পদক ৷