অসম

assam

কাইট ছাৰ্ফিং খেলৰ কঠোৰ প্ৰশিক্ষণত ব্যস্ত সৰুপথাৰৰ নিশামণি - Nikhamoni Bora

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 6:04 PM IST

Adventure sports: লাভলীনা বৰগোঁহাই, নয়নমণি শইকীয়াৰ পিচত আন এগৰাকী সৰুপথাৰৰ জীয়াৰী উজলিছে দুঃসাহসিক ক্ৰীড়াত । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে স্বীকৃতি লাভ কৰা নিশামণি বৰাৰ লক্ষ্য় এছিয়ান গেমছ ।

Assam girl Nikhamoni Bora
সৰুপথাৰৰ নিশামণি বৰা (ETV Bharat Assam)

সৰুপথাৰ, ৩০ জুলাই: বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিক গেমছ চলি থকাৰ মাজতে আন এক ভাল খবৰে আনন্দিত কৰিছে সৰুপথাৰ তথা ধনশিৰিবাসীক। ভাৰতৰ প্ৰথমগৰাকী কাইট ছাৰ্ফিং মহিলা খেলুৱৈ হোৱাৰ লক্ষ্যৰে মহাসাগৰৰ বুকুত কঠোৰ প্ৰশিক্ষণত নামিছে সৰুপথাৰ নগাজুৰি দ'চুক গাঁৱৰ নিশামণি বৰা ।

সৰুপথাৰৰ নিশামণি বৰা (ETV Bharat Assam)

দুঃসাহসিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমকন্য়া :

বিগত সময়চোৱাত ছেইলিঙৰ দৰে দুঃসাহসিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ নিশামণিয়ে ভাৰতীয় নৌসেনাৰ জলপ্ৰশিক্ষণ কেন্দ্ৰ (INWTC) ৰ উদ্যোগত গোৱাত অনুষ্ঠিত ইণ্ডিয়ান নেভি অপেন উইণ্ড ছাৰ্ফিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদকেৰে সফলতা লাভ কৰিছিল । ইয়াৰ উপৰি নিশামণিয়ে বেপুৰ ইণ্টাৰনেচনেল ৱাটাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰি গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

কাইট ব'ৰ্ডিঙৰ কঠোৰ প্ৰশিক্ষণ :

২০২৩ বৰ্ষৰ পৰা খেলৰ জড়িয়তে বিশ্ব দৰবাৰত আত্মপ্ৰকাশ কৰা নিশামণিয়ে বৰ্তমান তামিলনাডুত কাইট ছাৰ্ফিঙৰ কঠোৰ প্ৰশিক্ষণ চলাই আছে । অহা ২৫ আগষ্টৰ পৰা তামিলনাডুত অনুষ্ঠিত হ'বলগীয়া বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে মহাসাগৰৰ মাজত দৈনিক কাইট ব'ৰ্ডিঙৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

নিশামণিৰ সপোন অনাগত সময়ত এছিয়ান গেমছ আৰু অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে অসমৰ ৱাটাৰ স্প'ৰ্টছক আগবঢ়াই নিয়াৰ । অসমত এই ক্ৰীড়াৰ কোনোধৰণৰ সা-সুবিধা নথকাকৈয়ে সৰুপথাৰৰ নগাজুৰি দ'চুক গাঁৱৰ পৰা গৈ মহাসাগৰৰ বুকুত দপদপাই অসমৰ স্বাভিমান গামোচা উৰুৱাই থকাটো সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ :

উল্লেখ্য় যে ৱাইণ্ডছাৰ্ফিং অৰ্থাৎ পালতোলা খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে স্বীকৃতি লাভ কৰিছে সৰুপথাৰৰ নিশামণি বৰাই । ২০২৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা কেৰালাত চাৰিদিনীয়াকৈ অনুষ্ঠিত 'বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল'ত ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপৰ মিক্স শাখাত অসমৰ নিশামণিয়ে অৰ্জন কৰিছিল ব্ৰঞ্জৰ পদক ।

লগতে পঢ়ক:মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে অসমৰ নিশামণিয়ে - Navy Windsurfing Championship

জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে - Windsurfing Championship In Goa

ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ নিশামণিৰ - Navy Windsurfing Championship

ABOUT THE AUTHOR

...view details