স্পৰ্টছ ডেস্ক, 27 জুলাই :শুকুৰবাৰে পেৰিছ চহৰখন এক বিশাল এম্ফিথিয়েটাৰলৈ ৰূপান্তৰিত হয় । আনহাতে, ঐতিহাসিক নদী ছেইন খেলুৱৈসকলৰ পেৰেডৰ ট্ৰেকলৈ ৰূপান্তৰ হয় । পেৰিছৰ এই ৰঙীন সন্ধিয়াটিত যেন ওঁঠ বাগৰি ওলাই আহিব খোজে, ‘‘...এন ইভিনিং ইন পেৰিছ’’ । শুকুৰবাৰে পেৰিছত 33 সংখ্যক অলিম্পিক গেমছৰ বাবে এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানত ফ্ৰান্সে নিজৰ সাংস্কৃতিক বৈচিত্ৰ্য, বৈপ্লৱিক মনোভাব, অনবদ্য কাৰুশিল্প আৰু স্থাপত্য ঐতিহ্য প্ৰদৰ্শন কৰে ।
‘‘পেৰেড অব নেচনছ’’ আৰম্ভ হোৱাৰ লগে লগে যেন বিভিন্ন দেশৰ পৰম্পৰাৰ সূতাৰে বোৱা এখনি বহুৰঙী বুটাবছা চাদৰৰ দৰে হৈ পৰে ছেইন নদী । এই পেৰেডত 205 খন দেশৰ খেলুৱৈ আৰু এটা শৰণাৰ্থী দলে ধাৰাসাৰ বৰষুণকো নেওচি নাৱত অংশগ্ৰহণ কৰে ।
'ভগ্নিত্ব' (Sisterhood) শীৰ্ষক অনুষ্ঠানটোত 'হিন্দী' ভাষাই লাভ কৰে এক বিশেষ মৰ্যাদা । কিয়নো বিশিষ্ট ফৰাচী মহিলাসকলৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইনফোগ্ৰাফিক্সত ব্যৱহৃত ছয়টা ভাষাৰ ভিতৰত আছিল হিন্দীও । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পৰৱৰ্তী 16 দিনৰ বাবে প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে ।
চাৰি ঘণ্টা ধৰি চলা আৰম্ভণি অনুষ্ঠানৰ অন্তিম মুহূৰ্তলৈকে গোপনে ৰখাৰ পিচত ফ্ৰান্সৰ মহান জুডো খেলুৱৈ টেডি ৰিনাৰ আৰু স্প্ৰিণ্ট কিংবদন্তী মেৰী-জোছ পেৰেকে যুটীয়াভাৱে অলিম্পিক কলহত অগ্নিসংযোগ কৰে, যিটো হৈছে লিংগ-নিৰপেক্ষ খেলৰ প্ৰতীক । কলহটো এটা বিশাল গৰম-বায়ুৰ বেলুনৰ সৈতে সংলগ্ন কৰা হৈছিল আৰু নিশাৰ পেৰিছৰ আকাশত উৰি আছিল ।
তাৰ পূৰ্বে ফৰাচী ফুটবলৰ কিংবদন্তী জিনেদিন জিদানে স্পেনিছ টেনিছ চুপাৰষ্টাৰ ৰাফেল নাদালক অলিম্পিক শিখা প্ৰদান কৰে । তেওঁ আন এগৰাকী টেনিছ কিংবদন্তী ছেৰেনা উইলিয়ামছ আৰু প্ৰাক্তন ট্ৰেক তাৰকা কাৰ্ল লুইছৰ সৈতে এই শিখা লৈ ছেইনলৈ যাত্ৰা কৰে । 100 বছৰ বয়সীয়া সবাতোকৈ বয়সস্থ ফৰাচী অলিম্পিক চেম্পিয়ন চাৰ্লছ কষ্টে ৰিনাৰ আৰু পেৰেকক এই শিখা হস্তান্তৰ কৰাৰ পূৰ্বে এক ডজনতকৈও অধিক প্ৰাক্তন ফৰাচী ক্ৰীড়া মহান খেলুৱৈৰ হাত বাগৰি যায় এই শিখা ।
লগতে পঢ়ক :বিশ্ব ক্ৰীড়া মহাৰণৰ আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠানত উজলিল ভাৰতীয় দল - PARIS OLYMPICS 2024 |
অগতানুগতিক আৰু আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল নিঃসন্দেহে ছেইন নদীত খেলুৱৈসকলৰ সমদল । বিশ্বকাপ বিজয়ী ফুটবল কিংবদন্তী জিনেদিন জিদানক পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ'ত অলিম্পিকৰ শিখাৰে পেৰিছৰ ৰাজপথত দৌৰি থকা দেখুওৱাৰ পিচত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুৰব্বী থমাছ বাখক কেমেৰা পেনিং কৰি অনুষ্ঠানটো আৰম্ভ হয় ।
আনহাতে, 6 কিলোমিটাৰজোৰা পেৰেডটো অষ্টাৰলিটজ দলঙৰ পৰা আৰম্ভ হয় আৰু 85 খন নাৱে সমবেত জনতাৰ প্ৰচণ্ড হৰ্যোল্লাসৰ মাজত 6800 তকৈও অধিক খেলুৱৈক কঢ়িয়াই লৈ যায় । অৱশ্যে শনিবাৰে কেইটামান বিভাগৰ প্ৰতিযোগিতাৰ বাবে বহুসংখ্যক খেলুৱৈয়ে এই অবিস্মৰণীয় অনুষ্ঠানটোৰ পৰা বঞ্চিত হয় ।
পেৰেডৰ আগমনৰ ক্ৰম ফৰাচী বৰ্ণানুক্ৰম অনুসৰি হয় । অলিম্পিকৰ আধ্যাত্মিক ঘৰ হোৱাৰ বাবে প্ৰথমে উপস্থিত হয় গ্ৰীচ । তাৰ পিচত শৰণাৰ্থী দল । আয়োজক দেশ হিচাপে ফ্ৰান্সে ঘৰুৱা জনতাৰ পৰা তীব্ৰ অভিবাদন লাভ কৰে । 2028 চনৰ অলিম্পিকৰ আয়োজক আমেৰিকা ফ্ৰান্সৰ আগত আছিল । আনহাতে, 2032 চনৰ অলিম্পিক আয়োজনক অষ্ট্ৰেলিয়া আমেৰিকাৰ ঠিক পূৰ্বে আহিছিল ।