স্পৰ্ষ্টছ ডেস্ক, ২ এপ্ৰিল:গোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান উইমেনছ লীগ ২ৰ সময়ত দুগৰাকী মহিলা ফুটবলাৰক নিৰ্যাতন চলোৱা প্ৰশাসক দীপক শৰ্মাক পৰৱৰ্তী জাননী নিদিয়ালৈকে ফুটবল সম্পৰ্কীয় কোনো কামত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ।
সমিতিয়ে লগতে এই বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা তদৰ্থ সমিতিখন ভংগ কৰি নিজৰ অনুশাসন সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ক্ৰীড়া মন্ত্ৰালয়ে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মহিলা খেলুৱৈৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ কোৱাৰ পিছতে এই তদৰ্থ পেনেল গঠন কৰা হয় ।
মঙলবাৰে এই তথ্য দি এ আই এফ এফে কয় যে এই সন্দৰ্ভত সভাপতি, উপ-সভাপতি আৰু কোষাধ্যক্ষৰে গঠিত এ আই এফ এফৰ জৰুৰীকালীন কমিটিয়ে সোমবাৰে গোৱাত বৈঠকত মিলিত হৈ আই ডব্লিউ এল ২ৰ ঘটনা আৰু একাংশ খেলুৱৈৰ পৰা পোৱা অভিযোগৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পিচতে সেইদিনা গভীৰ সন্ধিয়া এআইএফএফৰ সদস্য সন্থাৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয় ।