স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ:তিনিখন মেচৰ কাৰ্যসূচীৰে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলা । শৃংখলাৰ দ্বিতীয়খন মেচত আফগানিস্তানে দক্ষিণ আফ্ৰিকাক 177 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি দখল কৰে শৃংখলাটো ৷
পূৰ্বে আফগানিস্তানে প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক 6 উইকেটত পৰাস্ত কৰে । এই মেচখনত আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানে সৰ্বাধিক 5 টা উইকেট দখল কৰে । মেচৰ দিনটোতে আছিল বলাৰগৰাকীৰ জন্মদিন, যাৰ বাবে এয়া নিজে নিজক দিয়া জন্মদিনৰ উপহাৰ বুলি মন্তব্য কৰে অনুৰাগীসকলে ৷
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা আফগানিস্তানে দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখি 4 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 311 ৰাণৰ বিশাল স্ক’ৰ ৷ দলটোৰ হৈ ৰহমানুল্লাহ গুৰবাজে সংগ্ৰহ কৰে 105 ৰাণ ৷ খেলুৱৈগৰাকীয়ে শতকীয় এই ইনিংছটো সজাই 10 টা চাৰি আৰু 3 টা ছয়ৰে ৷ ইয়াৰোপৰি ৰহমত শ্বাহে 50 ৰাণ আৰু আজমাতুলাব উমাৰজাই 50 টা বলত 86 ৰাণ সংগ্ৰহ কৰে ।
আফগানিস্তানে নিৰ্ধাৰণ কৰি দিয়া 312 ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ ক্ৰিজলৈ অহা দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকল পুনৰবাৰ ব্যৰ্থ প্ৰমাণিত হয় ৷ দক্ষিণ আফ্ৰিকাই এটাৰ পিছত আনটো উইকেট হেৰুৱাইছিল সংগ্ৰহ কৰে 134 ৰাণ ৷