অসম

assam

ETV Bharat / sports

অস্থিৰ-সন্ত্ৰাসজৰ্জৰিত-যুদ্ধবিধ্বস্ত আফগানিস্তানৰ ক্ৰিকেটত পথাৰত সংগ্ৰামী উত্থান - AFGHANISTAN CRICKET TEAM - AFGHANISTAN CRICKET TEAM

Afghanistan Cricket team: এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ লগতে শৃংখলা দখল কৰিছে আফগানিস্তানে ৷ এই পৰ্যায়ত উপনীত হ’বলৈ আফগানিস্তান ক্ৰিকেট দলটোৱে পাৰ কৰিছে কেইবাটাও কঠিন পৰ্যায় ৷ দলটোৰ সংগ্ৰামৰ কাহিনীৰে যুগুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ৷

AFGHANISTAN CRICKET TEAM
আফগানিস্তান ক্ৰিকেট দলটো (IANS PHOTO)

By ETV Bharat Sports Team

Published : Sep 21, 2024, 4:51 PM IST

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: শ্বাৰজাহত আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছে । আফগানিস্তানে প্ৰথম দুখন মেচত আফ্ৰিকাক বেয়াকৈ পৰাস্ত কৰি ইতিমধ্যে শৃংখলা দখল কৰিছে । দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দলক আফগানিস্তানে প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিবলৈ সক্ষম হৈছে ৷

শৃংখলাৰ প্ৰথমখন মেচত আফগানিস্তানে আফ্ৰিকাক 106 ৰাণত অল আউট কৰি 26 অভাৰত মেচখনত জয় লাভ কৰে । দ্বিতীয়খন মেচত আফগানিস্তানে পুনৰবাৰ দুৰ্দান্ত প্ৰদৰ্শন দাঙি কৰি 311 ৰাণ সংগ্ৰহ কৰাৰ পিছত আফ্ৰিকাৰ বিৰুদ্ধে 177 ৰাণত জয়লাভ কৰে ৷ 312 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা দক্ষিণ আফ্ৰিকাই 134 ৰাণতে হেৰুৱাই আটাইকেইটা উইকেট ৷

আফগানিস্তান ক্ৰিকেট দলটোৰ নাই কোনো ঘৰুৱা খেলপথাৰ

আফগানিস্তান ক্ৰিকেট দলটোৰ নাই কোনোধৰণৰ ঘৰুৱা খেলপথাৰ ৷ কাৰণ এই দেশলৈ আন কোনো দল যাবলৈ সাজু নহয় ৷ আনহাতে, কাবুলত ঘৰুৱা মেচ অনুষ্ঠিত হয় আৰু আফগানিস্তানৰ শীৰ্ষ খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

আই চি চি-ৰ সদস্য দেশসমূহে কাবুল ভ্ৰমণৰ পৰা সততে বিৰত থকা দেখা যায় ৷ যাৰ বাবে আফগানিস্তান ক্ৰিকেট দলে কেতিয়াবা ভাৰতত আৰু কেতিয়াবা ডুবাই আৰু শ্বাৰজাহত আন দলক আতিথ্য প্ৰদান কৰে ।

ভাৰতত আফগানিস্তান ক্ৰিকেট দলৰ ঘৰুৱা খেলপথাৰ

নিৰাপত্তাজনিত কাৰণত আফগানিস্তান ক্ৰিকেট দলটোৱে প্ৰথমে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ শ্বাৰজাহত অনুশীলন কৰিছিল আৰু তাতেই খেলসমূহ অনুষ্ঠিত হৈছিল । কিন্তু যেতিয়া ভাৰত-আফগানিস্তানৰ সম্পৰ্ক ক্ৰমাৎ উন্নত হ’বলৈ ধৰিলে, তেতিয়া হামিদ কাৰ্জাই চৰকাৰে 2015 চনত ভাৰত আৰু আফগানিস্তানৰ মাজত চুক্তি স্বাক্ষৰ কৰি আফগান খেলুৱৈসকলক ভাৰতত ক্ৰিকেট খেলাৰ অনুমতি দিয়ে ।

যাৰ অধীনত গ্ৰেটাৰ নয়দা ক্ৰিকেট ষ্টেডিয়ামক আফগানিস্তান ক্ৰিকেট দলৰ ঘৰুৱা খেলপথাৰ হিচাপে গণ্য কৰা হয় যদিও ই তেওঁলোকৰ স্থায়ী ঘৰুৱা খেলপথাৰ নহয় । তেতিয়াৰ পৰাই আফগানিস্তান ক্ৰিকেট দলে ভাৰতত অনুশীলন আৰম্ভ কৰে আৰু আন দেশৰ সৈতেও মেচত অংশগ্ৰহণ কৰে ৷

যদিও ই আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ ঘৰুৱা খেলপথাৰ আছিল, তথাপিও শেষবাৰৰ বাবে 2020 চনৰ মাৰ্চ মাহত আফগানিস্তান আৰু আয়াৰলেণ্ডৰ মাজত আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ অনুষ্ঠিত হৈছিল । কিন্তু শেহতীয়াকৈ 9 ছেপ্টেম্বৰত আফগানিস্তানে নয়দা ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ খেলিবলগীয়া হৈছিল, যদিও বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া হৈছিল ।

পাকিস্তানক এৰি ভাৰতৰ সৈতে চামিল

আফগানিস্তান ক্ৰিকেট দলে প্ৰথমাৱস্থাত নিজৰ অগ্ৰগতিৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল । আফগানিস্তানৰ ক্ৰিকেটৰ ক্ষেত্ৰত পাকিস্তানে বহু সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও সময় আৰু ৰাজনৈতিক সম্পৰ্কই দুয়োখন দেশৰ মাজত ইমানেই অস্থিৰতা বৃদ্ধি কৰিছে যে, ইয়াৰ প্ৰভাৱ ক্ৰিকেট দলতো পৰিছে ৷ পৰৱৰ্তী সময়ত আফগান খেলুৱৈসকলৰ মাজত ভাৰতৰ প্ৰতি প্ৰেম আৰু মৰম বাঢ়িবলৈ আৰম্ভ কৰে ।

আফগানিস্তানৰ লোকসকলে পাকিস্তানী খেলুৱৈতকৈ ভাৰতীয় খেলুৱৈক বেছি ভালপায় ৷ সমান্তৰালকৈ ভাৰতীয় লোকসকলেও পাকিস্তানতকৈ আফগানিস্তানক বেছি ভালপায় । যাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ’ল- আফগানিস্তানৰ বহু খেলুৱৈয়ে আই পি এলত খেলা দেখা যায় আৰু যদি আফগানিস্তানৰ পাকিস্তানৰ সৈতে মেচ হয়, তেন্তে ভাৰতৰ জনসাধাৰণে আফগানিস্তানক সমৰ্থন কৰা দেখা যায় ।

অজয় জাদেজাৰ অধীনত দলটোৰ উন্নতি

আফগানিস্তান ক্ৰিকেট দলৰ প্ৰথম প্ৰশিক্ষক আছিল প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ কবীৰ খান ৷ তাৰপিছত ক্ৰমে ইনজামাম-উল-হক, ৰছিদ লতিফ আৰু ওমৰ গুলৰ দৰে শীৰ্ষ খেলুৱৈয়েও আফগানিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কাম কৰি আহিছে ।

কিন্তু পৰৱৰ্তী সময়ত অজয় ​​জাদেজাই আফগানিস্তানৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে ৷ দলটোৱে 2023 চনৰ বিশ্বকাপত এক বৃহৎ প্ৰদৰ্শন আগবঢ়ায় ।

বিস্ফোৰণে আফগানিস্তানৰ সম্পৰ্ক সম্পূৰ্ণৰূপে সলনি কৰে

2017 চনত আফগানিস্তানত এটা বিস্ফোৰণ সংঘটিত হৈছিল ৷ যিয়ে পাকিস্তান-আফগানিস্তানৰ মাজত থকা ক্ৰিকেটৰ সম্পৰ্ক চিৰদিনৰ বাবে সলনি কৰি দিছিল । কিয়নো পাকিস্তানৰ বিৰুদ্ধে এই বিস্ফোৰণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ সমাপ্তি ঘটে, যাৰ প্ৰভাৱ ক্ৰিকেটৰ ওপৰতো পৰিছিল ।

তালিবানৰ যুগতো ভাৰত-আফগানিস্তান ক্ৰিকেটৰ ওপৰত পৰা নাছিল কোনো প্ৰভাৱ

এইটো বিশ্বাস কৰা হৈছিল যে, আফগানিস্তানত আশ্ৰফ ঘানিৰ চৰকাৰৰ সমাপ্তিৰ পিছত আফগানিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক আগৰ দৰে মসৃণ নহ'ব । কিন্তু তালিবান পুনৰ ক্ষমতালৈ উভতি অহাৰ পাছতো ভাৰতে আফগানিস্তানৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিছিল ৷ যাৰ ফলত বিশেষভাৱে প্ৰভাৱিত হৈছিল ক্ৰিকেট ক্ষেত্ৰখন ৷ তালিবানেও বিভিন্ন সময়ত আফগান ক্ৰিকেটক সহায় কৰাৰ বাবে বি চি চি আইক ধন্যবাদ জনাইছিল ।

বি চি চি আইয়ে কৰে কোটি কোটি টকাৰ সহায়

ভাৰতে আফগানিস্তানত ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ নামত লাখ লাখ টকা বিনিয়োগ কৰিছে ৷ যাতে আফগানিস্তানত ক্ৰিকেটৰ বিকাশ কোনো প্ৰকাৰে বাধাগ্ৰস্ত নহয় । এই কাৰণে বি চি চি আইয়ে এতিয়া আফগানিস্তান ক্ৰিকেট ব'ৰ্ডক নয়দাৰ উপৰিও কানপুৰ আৰু ডেৰাডুনৰ ষ্টেডিয়ামত ক্ৰিকেট খেলিবলৈ প্ৰস্তাৱ দিছে ।

যোৱা কেইবছৰমানত আফগানিস্তান ক্ৰিকেট দলটোৰ যথেষ্ট উন্নতি হৈছে । আফগানিস্তান ব’ৰ্ডে ইয়াৰ বাবে ভাৰতৰ বি চি চি আইক কৃতিত্ব দিয়ে । যাৰ বাবে বহুতো পাকিস্তানী খেলুৱৈয়ে আফগানিস্তানক সমালোচনা কৰে যে, "আমি তেওঁলোকক ক্ৰিকেট শিকাইছিলো আৰু এতিয়া তেওঁলোকে আমাৰ শত্ৰুক প্ৰশংসা কৰে" ।

এদিনীয়া বিশ্বকাপ 2023 ত আফগানিস্তান ক্ৰিকেট দলৰ এক চমৎকাৰ প্ৰদৰ্শন দেখা গৈছে ৷ আনহাতে, টি-20 বিশ্বকাপ 2024 ত এই দলটোৱে ছেমি ফাইনেলত উপনীত হৈ ইতিহাস সৃষ্টি কৰিছে । উদীয়মান দলটোৱে ভাৰতৰ বাহিৰে আই চি চি-ৰ সকলো সদস্য দেশকে ক্ৰিকেট খেলপথাৰত পৰাস্ত কৰিছে, যিটো দলটোৰ বাবে সফলতাৰ নিশ্চয়তা ।

লগতে পঢ়ক:শুভমন গিলৰ পঞ্চমটো টেষ্ট শতক; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ - INDIA VS BANGLADESH 1ST TEST

ABOUT THE AUTHOR

...view details