স্প’ৰ্টছ ডেস্ক:কলিয়াবৰত অনুষ্ঠিত হয় অসমৰ অন্যতম পুৰণি সদৌ অসম মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত তথা শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত 36 সংখ্যক কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷
কলিয়াবৰৰ কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুৱা 5.30 বজাত আৰম্ভ হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে প্ৰবীণ খেলুৱৈ তথা শিক্ষক শান্তিৰাম বৰাই । মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়াকৈ আয়োজন কৰিছে শ্বহীদ দিৱস ।
এই শ্বহীদ দিৱসৰে প্ৰথমদিনৰ কাৰ্যসূচী হিচাপে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাত গুৱাহাটী, নগাঁও, তেজপুৰ, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।