স্প’ৰ্টছ ডেস্ক: লিষ্ট এ ক্ৰিকেটত বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছিল পশ্চিম অষ্ট্ৰেলিয়া ৷ দলটোৱে মাত্ৰ 53 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল আটাইকেইটা উইকেট ।
এটা সময়ত দলটোৰ স্ক’ৰ আছিল 52/2 ৷ কিন্তু মাথো এক ৰাণ সংগ্ৰহ কৰিবলৈ গৈ দলটোৱে হেৰুৱাইছিল মজুত থকা বাকী 8 টা উইকেট ৷ অৱশ্যে দলটোৰ বাকী থকা বেটছমেনসকল এজনৰ পিছত সিজন আউট হৈ থকাৰ মাজতে এটা ৱাইড বলৰ পৰা দলটোৱে অতিৰিক্তভাৱে এক ৰাণ সংগ্ৰহ কৰে ৷
1 ৰাণত হেৰুৱাই 8 টা উইকেট
তাচমানিয়াৰ অধিনায়ক জোৰান চিল্কে পশ্চিম অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ দুয়োটা দলে মেচখনৰ প্ৰথম ঘণ্টাটো অতি সতৰ্কতাৰে খেলিছিল । 16 অভাৰৰ শেষলৈ পশ্চিম অষ্ট্ৰেলিয়াৰ স্ক'ৰ আছিল 52/2 ৷ কিন্তু তাৰপিছতে সলনি হৈছিল খেলৰ প্ৰেক্ষাপট ৷
তাচমানিয়াৰ হৈ বিউ ৱেবষ্টাৰে তিনিটা বলত দখল কৰিছিল দুটা উইকেট ৷ আনহাতে, বিলি ষ্টানলেকেও দুটাকৈ উইকেট দখল কৰে । 52 ৰাণ সংগ্ৰহৰ পিছতে দলটোৰ বেটিং বিপৰ্যয় ঘটিবলৈ আৰম্ভ কৰে ৷ এটাৰ পিছত আনটোকৈ দলটোৱে হেৰুৱাই বাকী থকা 8 টা উইকেট ৷
ৱেবষ্টাৰ আৰু ষ্টানলেকৰ ফাষ্ট বলিং যুটিটোৱে পশ্চিম অষ্ট্ৰেলিয়াৰ ল’ৱাৰ অৰ্ডাৰ বেটছমেনসকলক দিশহাৰা কৰি দলটোক 53 ৰাণত সীমাবদ্ধ কৰি ৰাখে ৷
ৱেবষ্টাৰে দখল কৰে 6 টাকৈ উইকেট
ৱেবষ্টাৰে 6 অভাৰত মাত্ৰ 17 ৰাণৰ বিনিময়ত দখল কৰে 6 টাকৈ উইকেট, যাৰ ভিতৰত আছিল দুটা মেডেন অভাৰ ৷ এয়া বৰ্তমানলৈকে পশ্চিম অষ্ট্ৰেলিয়াৰ সৰ্বনিম্ন স্ক’ৰ । পূৰ্বে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত (এম চি জি) ভিক্টোৰিয়াৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল মুঠ 59 ৰাণ ।
লগতে, ই অষ্ট্ৰেলিয়াৰ ঘৰুৱা তালিকা-এ ৰেকৰ্ডৰ দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ । অষ্ট্ৰেলিয়াৰ ঘৰুৱা লিষ্ট-এ ক্ৰিকেটত দক্ষিণ অষ্ট্ৰেলিয়াই কৰা সৰ্বকালৰ সৰ্বনিম্ন 51 ৰাণৰ পৰা সামান্যহে ওপৰত আছিল এই সংখ্যা ৷
2007 চনত বাৰ্বাডোছৰ বিৰুদ্ধে সংগৃহীত 18 ৰাণ আছিল ৱেষ্ট ইণ্ডিজৰ অনুৰ্ধ-19 দলৰ সৰ্বনিম্ন লিষ্ট-এ স্ক'ৰ ৷ ওমানে 2019 চনত স্কটলেণ্ডৰ বিৰুদ্ধে সৰ্বনিম্ন এদিনীয়া স্ক’ৰ 24 ৰাণ সংগ্ৰহ কৰিছিল । তাৰোপৰি জিম্বাব’ৱেৰ দলটো 35 ৰাণত অল আউট হৈছিল ।
লগতে পঢ়ক:অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ